অসমৰ জন গাথনিৰ ব্যাপক পৰিবৰ্তন হৈছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে সদনত জনোৱা তথ্য অনুসৰি বিগত ১৯৫১ চনৰ পৰা ২০১১ চনলৈ এই
৬০ বছৰত ৰাজ্যখনত জন সংখ্যা মুঠ ২,৩২,৭৬,৭২০ জন বাঢ়িছে । ইয়াৰে ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈ ৰাজ্যত বাঢ়িছিল ৬৫,৯৬,২৯৬ জন। ১৯৫১ চনত অসমৰ জনসংখ্যা আছিল ৮০,২৮,৮৫৬ জন। ১৯৭১ চনত জনসংখ্যা আছিল ১,৪৬,২৫,১৫২ জন আৰু ২০১১ চনত জনসংখ্যা আছিল ৩,১২,০৫,৫৭৬ জন। এনে ভয়াবহ জন বিষ্ফোৰণ ৰাজ্যখনৰ বাবে অশুভ লক্ষণ । এইক্ষেত্ৰত চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ভৱিষ্যতে পৰিস্থিতি আৰু অৱনতি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
Home / Uncategories / ৰাজ্যত দ্ৰুত গতিত বাঢ়িছে জন সংখ্যা :: বিগত ৬০ বছৰত বাঢ়িল জন সংখ্যা ২,৩২,৭৬,৭২০ জন
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment