ন্যায়াধীকৰণে চিনাক্ত কৰিলে ১১,০৬৪ জন বিদেশীক::: ৰাজ্যত ১,৩৬,৪৪৮ জন ডি ভোটাৰ

ভয়াবহ ভাৱে বাঢ়িছে অসমত ডি ভোটাৰ। প্ৰাপ্ত তথ্য অনুসৰি সম্প্ৰতি ৰাজ্যখনত আছে ১,৩৬,৪৪৮ জন ডি ভোটাৰ। ইয়াৰ ভিতৰৰ ১১,০৬৪ জনক বিদেশী হিচাবে চিনাক্ত কৰিছে বিদেশী ন্যায়াধীকৰণে। আৰু ৫৯,১০৫ জনক ভাৰতীয় নাগৰিক হিচাবে ঘোষণা কৰিছে । এই কথা সদৰী কৰিছে মন্ত্ৰী কেশব মহন্তই। মহন্তই দিয়া তথ্য অনুসৰি ৰাজ্যখনৰ ৯ টা বিধান সভা সমষ্টিত কোনো ডি ভোটাৰ নাই। সমষ্টি কেইটা হৈছে -- যোৰহাট , সোণাৰী, শিৱসাগৰ , টিয়ক, আমগুৰি, বোকাজান, তিতাবৰ , থাওৰা আৰু নাজিৰা। জনিয়া সমষ্টিত সৰ্বাধিক ৫,৯৪৫ জন আৰু মাহমৰাত এজন ডি ভোটাৰ আছে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment