দৰঙৰ পূব প্রান্তৰ লগতে ওদালগুৰি জিলাত এক দুষ্টচক্রই এন আৰ চিত ভুৱা নথি যোগান ধৰি জালিয়াতিৰে নাগৰিকপঞ্জীত নাম সন্নিৱিষ্টকৰণৰ ভয়াৱহ তথ্য কালি ফাদিল হয়। আশ্চর্যজনকভাৱে মঙলদৈ আদালত চৌহদৰ এক কম্পিউটাৰতেই দীর্ঘদিন ধৰি এটা মহৰী, গাঁওবুঢ়াৰ পুত্ৰৰ সহযোগত নথিসমূহ প্রস্তুত কৰি বিতৰণ কৰি দিয়া হৈছিল। দৰং আৰক্ষীয়ে দুষ্ট চক্রটােৱে ব্যৱহাৰ কৰা কম্পিউটাৰটাে জব্দ কৰাৰ লগতে উদ্ধাৰ কৰে জাপ জপ ভুৱা জন্মৰ প্ৰমাণপত্র। লক্ষণীয় যে দৰং-ওদালগুৰি জিলাৰ সীমামূৰীয়া পাণবাৰী আৰক্ষী চকীৰ অন্তর্গত ৰাজাপুখুৰী হাবি গাঁৱৰ আৰফান আলীয়ে ছটা ল’ৰা-ছোৱালীসহ প্রায় ১৪জনীয়া পৰিয়ালৰ বাবে এন আৰ চিত দাখিল কৰা নথিত ওদালগুৰি জিলাৰ নাগৰিকপঞ্জীয়ন বিষয়াৰ সন্দেহ ওপজে। লগে লগে জিলা দণ্ডাধীশ হিচাপে উপায়ুক্তই এখন এজাহাৰ দাখিল কৰে ওদালগুৰি থানাত। যদিও আৰফানৰ নাগৰিকপঞ্জীৰ নথিসমূহ ওদালগুৰি জিলা এলেকাত পৰে, তথাপি আৰক্ষী প্রশাসনিক জিলা হিচাপে দৰঙৰ এলেকাধীন পাণবাৰী আৰক্ষী চকীৰ। লগে লগে পাণবাৰী আৰক্ষী চকীয়ে কর্তৃত্বাধীন থানা হিচাপে ধূলালৈ হস্তান্তৰ কৰে। ধূলা থানাই দণ্ডবিধিৰ কেইবাটাও ধাৰাত ৪৩৮/১৬ নং গোচৰ ৰুজু কৰি নিশাই আটক কৰে আৰফান আলীক। বিগত ১৫/১৬ বছৰ ধৰি আদালত চৌহদত মহৰীৰ কাম কৰা আলাউদ্দিনে কেৱল আৰফানকে নহয়, ৭০টা পৰিয়ালক এনে নথি যোগান ধৰিছে। মঙলদৈ ২নং ৱাৰ্ডত বাস কৰা আলাউদ্দিনক সোধা-পোছা কৰাত জন্মৰ ভুৱা প্রমাণ পত্র যোগানৰ মূল এজেণ্টৰ লগতে নথি প্রস্তুত কৰা কাৰখানাৰাে উমান পায়। সেই অনুসৰি ৰাজাপুখুৰী বাগিচা গাঁৱৰ গাঁওবুঢ়া মফতজল হকৰ পুত্র আব্দুল কালাম আজাদ আৰক্ষীৰ জালত পৰে। আদালত চৌহদৰ পৰাই আৰক্ষীয়ে জব্দ কৰে নথি প্রস্তুত কৰা কম্পিউটাৰ। য’ত বহু ভুৱা জন্মৰ প্রমাণ পত্রও উদ্ধাৰ হয়। সম্প্রতি দৰং আৰক্ষীৰ জিন্মাত থকা তিনিওটা অপৰাধীক সোধা-পোছা চলালে আৰু বহু তথ্য ফাদিল হােৱাৰ সম্ভাৱনাই দেখা দিছে। সাধাৰণতে দৰঙৰ পূব প্রস্তুত থলুৱা অসমীয়াভাষী সংখ্যালঘু আৰু বৃহৎ বৃহৎ পৰিয়ালেৰে আৰফান, আব্দুল, আলাউদ্দিনহঁত সংখ্যাগুৰু হৈ পৰাই নহয়, নির্বাচনৰ সময়ত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰি আহিছে।
এন আৰ চিত জালিয়াতি::মঙলদৈত মহৰীসহ ৩জনক গ্রেপ্তাৰ

0 comments:
Post a Comment