ৰাজ্যজুৰি দল সংগঠনৰ হিমন্তৰ প্ৰতিকৃতি দাহ ::জাকে জাকে ওলাই আহিছে দল-সংগঠনৰ সদস্য



হিন্দু বাংলাদেশীক সংস্থাপন কৰাৰ ষড়যন্ত্ৰৰে মন্ত্রী হিমন্তবিশ্ব শৰ্মাই কৰা উগ্র সাম্প্রদায়িক মন্তব্যই সমগ্ৰ ৰাজ্যতে ক্ষোভৰ জুই জ্বলাইছে। জাঙুৰ খাই উঠিছে দল-সংগঠন তথা সকলো গণতান্ত্রিক ব্যক্তি। যিসকল মহান ছহিদৰ ত্যাগৰ বিনিময়ত ভাৰতে এদিন ৰক্তাক্ত সংগ্ৰামৰ অন্তত স্বাধীনতা অর্জন কৰি দেশত গণতান্ত্রিক বিধি ব্যৱস্থাৰ প্ৰচলন কৰিছিল, সেই সমগ্র ব্যৱস্থাটােকে উচ্চাকাংক্ষাৰ ৰথত উঠি এতিয়া হিমন্তবিশ্ব শৰ্মাই তচনচ কৰাৰ ধৃষ্টতা দেখুওৱাৰ কথাই সকলোকে হতভম্ব কৰি তুলিছে। যাৰ পৰিপ্ৰেক্ষিতত হিমন্তবিশ্ব শৰ্মাক আৰ এছ এছৰ শ্ৰাতলিপি মনা এগৰাকী উন্মাদ, উদণ্ড ছদ্মবেশী ৰাজনীতিক আখ্যা দি দল-সংগঠনসমূহে ৰাজপথ উত্তাল কৰি তুলিছে। জাকে জাকে ওলাই আহিছে দল-সংগঠনৰ সদস্য। বৰপেটা, যোগীঘোপা, গোলাঘাট, বিহপুৰীয়া, দেৰগাঁও, তিনিচুকীয়া, ধুবুৰী ইত্যাদি বিভিন্ন ঠাইত হিমন্তবিশ্ব শৰ্মাক ধিক্কাৰ দি তেওঁৰ প্রতিকৃতি দাহ কৰিছে৷ দলসংগঠনসমূহে। অতি তাৎপর্যপূর্ণভাৱে হিমন্তবিশ্ব শৰ্মাৰ এনে উগ্র সাম্প্রদায়িক অশিষ্টাচাৰৰ আচৰণ দেখিও নির্বাক-নির্লিপ্ত হৈ থকা একালৰ জাতীয় নায়ক আখ্যা পোৱা সর্বানন্দ সোণোৱালক ৰাইজে এগৰাকী পুতলা মুখ্যমন্ত্রী বুলি তীব্র ভাষাৰে গৰিহণা দিছে। সোণোৱালে এফালেদি জাতি-মাটিৰ চর্বিত-চর্বণ ভাষণ দি গৈছে আৰু আনফালেদি তেওঁৰেই প্ৰভাৱশালী জ্যেষ্ঠ মন্ত্রীয়ে জাতিদ্রোহী কাম কৰাৰ পিচতো ব্যৱস্থা ল’বলৈ সাহস গোটাব পৰা নাই নায়কৰ পৰা ক্ৰমশঃ খলনায়কলৈ পর্যবসিত হােৱা সর্বানন্দ সোণোৱালে। সেয়েহে এতিয়া উত্তাল হৈ পৰিছে ৰাজপথ।
Share on Google Plus

About Unknown

0 comments:

Post a Comment