
গুৱাহাটীৰ ৰবীন্দ্র ভৱনত শনিবাৰে এটা অনুষ্ঠানত অংশগ্রহণ কৰি নাগৰিক সংশোধনী বিধেয়ক সম্পর্কে সাংবাদিকে সোধা প্রশ্নত মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয়— অসমত হিন্দুৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ১৬ শতাংশৰ পৰা ১০ শতাংশলৈ হ্রাস পালে। কিন্তু মুছলমানৰ জনসংখ্যাৰ হাৰ ২৯ শতাংশৰ পৰা ২৯.৫ শতাংশলৈ বৃদ্ধি হ’ল। হিন্দু বাঙালী খেদাত মোৰ নীতি সকলোৱে জানে। এই ক্ষেত্ৰত অসমৰ মানুহে সিদ্ধান্ত গ্রহণ কৰিব লাগিব ক’ত মানুহ বাঢ়িছে। য’ত মানুহে বঢ়া নাই, তেনে ক্ষেত্ৰত হিন্দু মানুহ অসমৰ বাবে কেতিয়াও ভাবুকি হ’ব নোৱাৰে। হিন্দুসকলে নিজৰ মাটিত কেনেকৈ প্রত্যাহ্বানৰ সন্মুখীন হ’ব। অসমৰ পৰা লাখ লাখ মানুহ বাহিৰলৈ ওলাই গৈছে। অসমীয়া মানুহ বিশেষকৈ বেংগালুৰু, হায়দৰাবাদ আদিলৈ ওলাই গৈছে। অসমীয়া মানুহখিনিয়ে যদি হিন্দু মানুহখিনিৰ মাজত ফাট মেলাব বিচাৰােঁ, তেতিয়া আন কোনোবাহে শক্তিশালী হ’ব। হিন্দুৰ সন্তানৰ জন্ম হাৰ কমি আছে। অসমত ভাল উদ্যোগ, ২৪ ঘণ্টা বিজুলী ব্যৱস্থা, ৰাস্তা-ঘাটৰ উন্নয়ন, আই টি ক্ষেত্ৰত উন্নয়ন প্রকৃতাৰ্থত কৰিব পাৰিলে। অসমীয়া ল’ৰাখিনিক কম-বেছি পৰিমাণে আমি ওভতাই অনাৰ চেষ্টা কৰিম। অগপ-বিজেপিৰ মিত্ৰজোঁটৰ মাজত কোনো ফাট মেলা নাই। অগপৰ স্থিতিত অগপ আছে আৰু আমাৰ স্থিতিত আমি আছোঁ। বাওপন্থী চিন্তাধাৰাৰ মানুহে এই ওলোটা ধাৰা আৰম্ভ কৰিছে। অসমীয়া মানুহৰ সংখ্যা হ্রাস পোৱাটাে উৎকণ্ঠাৰ কথা। প্রফুল্ল কুমাৰ মহন্তৰ সৈতে তেওঁৰ গৃহত এই সম্পর্কে আলোচনাত বহিম। হিন্দুৰ সংখ্যা কোনখন জিলা, কোনটাে সমষ্টিত বাঢ়িছে, সেই সম্পর্কে লোকপিয়লৰ তথ্য লৈ আলোচনা কৰিম। তেওঁক বুজাই দিম, কাৰ জনসংখ্যা বাঢ়িছে কাৰ কমিছে ।
Muslim r jonosongkhya borhar karonbilak hol balyobibah /poriyal porikolpona nai /ohikhyito etc. Gotike eibilak somadhan korok sabo jonosongkhya bridhi komi goise
ReplyDelete