
শিৱসাগৰৰ বেতবাৰী চাংমাই গাঁৱৰ সন্তান, মুম্বাইৰ ছাউণ্ড ইঞ্জিনিয়াৰ দেৱজিতক আই টি পি প্রডাকশ্যনৰ ডিজিটেল ষ্টুডিঅ’ মেগাজিনে প্রদান কৰে 2016 বর্ষৰ শ্রেষ্ঠ ছাউণ্ড ইঞ্জিনিয়াৰ বঁটা৷ বঁটা লাভ কৰাৰ পাছত এক টেলিফোনিক বার্তালাপত দেৱজিতে বঁটা লাভ কৰি উৎফুল্ল হৈ পৰাৰ লগতে যথেষ্ট আৱেগিক হৈ পৰে৷ বলিউডৰ প্রতিষ্ঠিত ছাউণ্ড ইঞ্জিনিয়াৰ গৰাকীৰ পিতৃৰ বিয়োগৰ পৰহি এটা মাহ পূর্ণ হোৱাৰ দিনাই এই সন্মান লাভ কৰাত যথেষ্ট আৱেগিক হৈ পৰি কয় যে পিতৃ থকা হ’লে নিশ্চয়কৈ এই সন্মান লাভ কৰি তেওঁ আৰু অধিক সুখী হ’লহেঁতেন৷ সেয়েহে তেওঁ এই সন্মান পিতৃৰ নামত উৎসর্গিত কৰা বুলি জানিবলৈ দিয়ে৷ আনহাতে, ছাউণ্ড ইঞ্জিনিয়াৰগৰাকীয়ে বর্তমান হিন্দী ছবিজগতৰ জনপ্রিয় পৰিচালক- অভিনেতা আমিৰ খানৰ ‘ডংগল’ নামৰ ছবিখনৰ শব্দৰ কামত ব্যস্ত থকা বুলি জানিবলৈ দিয়াৰ লগতে ছবিখনৰ কাম শেষ কৰিয়েই আন এগৰাকী জনপ্রিয় অভিনেতা ঋতিক ৰোশ্যনৰ ‘কাবিল’ নামৰ ছবিখনত শব্দৰ কাম কৰিব বুলি জানিবলৈ দিছে৷ বলিউডত ‘প্যাৰ কা ছাইড এফেক্ট ’ ছবিৰ জৰিয়তে ছাউণ্ড মিক্সিঙৰ কামৰ পাতনি মেলা দেৱজিতে বর্তমানলৈকে বহুকেইটা ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় বঁটা লাভ কৰিছে৷ পৃথিৱীৰ অন্যতম শ্রেষ্ঠ শব্দৰ কাৰিকৰ হিতেন্দ্র ঘোষৰ পদাংকত চলা ছাউণ্ড ইঞ্জিনিয়াৰ দেৱজিতে শতাধিক শ্রেষ্ঠ হিন্দী বোলছবিত ছাউণ্ড মিক্সিঙৰ কাম কৰাৰ লগতে বর্তমানলৈকে 500 খনৰো অধিক বোলছবিত শব্দৰ খেলা কৰিছে৷ দেৱজিতে বলিউডৰ পৰা নিজ ক্ষেত্রৰ প্রসাৰ ঘটাই মীৰা নায়াৰৰ দ্য -ৰিলাকটেণ্ট ফাণ্ডামেণ্টেলিষ্টৰ দৰে হলিউডৰ ছবিতো কাম কৰাৰ অভিজ্ঞতা লাভ কৰিছে৷ ইফালে দেৱজিতৰ সৈতে যোগাযোগ কৰাত প্রথমেই ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সংবাদ মাধ্যমে জনোৱা সঁহাৰি আৰু সহযোগিতাৰ বাবেই মুম্বাইত বলিউড জগতত কাম কৰি যাবলৈ অনুপ্রেৰণা লাভ কৰা বুলিও জানিবলৈ দিয়ে৷ লগতে অসমবাসীলৈ আগন্তুক দীপাৱলী আৰু কালীপূজাৰ শুভেচছা জ্ঞাপন কৰি বর্তমান বলিউডৰ বহুকেইখন ছবিৰ কাম কৰিবলৈ বাকী থকা বুলি মত ব্যক্ত কৰে৷ তেওঁ বর্তমানলৈকে 350 ত কৈও অধিক আৰু স্বাধীনভাৱে প্রায় 200 খনতকৈও অধিক বিভিন্ন ভাষাৰ কথাছবিত ছাউণ্ড মিক্সিঙৰ কামেৰে বলিউড তথা হলিউডত অপূর্ব শব্দৰ খেলাৰে নিজৰ প্রতিভা প্রমাণ কৰি অসমৰ লগতে শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ আনহাতে, দেৱজিতে তিনিবাৰকৈ আইফা বঁটা, দুবাৰকৈ ধবনি বঁটা, দুবাৰকৈ অপ্সৰা বঁটা আৰু ৰাষ্ট্রীয় সন্মানৰ লগতে বলিউডৰ প্রডিউচাৰ গীল্ডে প্রদান কৰা দুটাকৈ ষ্টাৰ গীল্ডৰ দৰে সন্মান লাভ কৰিছে৷ দেৱজিতে ‘ডন-2’, ‘খাকী’, ‘ক্রিছ থ্রী’, ‘হাইৱে’, ‘ৰেডি’, ‘ইছকিয়া’, ‘বডীর্গাড’, ‘হলিডে’, ‘ডম, ইস্পিচিয়েল 26’, বৰফি, কীক, ভাগ মিলখা ভাগ, এ বি চি ডি পার্ট-2, বজৰংগী ভাইজান, হাইদৰ’ তলোৱাৰ, ‘হু মেইড কুইন’ ‘চাণ্ডাৰ’ আদি ছবিত ছাউণ্ড মিক্সিঙৰ কাম সমাপন কৰাৰ উপৰি জাহুু বৰুৱাৰ পৰিচালিত অসমীয়া ছবি ‘বান্ধোন’তো ছাউণ্ডৰ কাম কৰিছিল৷[উৎস ::দৈনিক জনমভূমি ]
0 comments:
Post a Comment