অভিনেত্রী গায়ত্রী মহন্ত ডেংগু ৰােগত আক্রান্ত ::চিকিৎসালয়ত ভর্ত্তি




অসমীয়া ছবি জগতৰ মোহময়ী অভিনেত্রী গায়ত্রী মহন্ত সমগ্ৰ ৰাজ্যতে ডেংগু ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে এই ৰােগত আক্রান্ত হৈছে । উল্লেখযোগ্য যে জালুকবাৰী সমষ্টিৰ বৃহত্তৰ চাংসাৰিৰ অন্তর্গত আঠিয়াবৈ গাৱত ২৫-২৭ অক্টোবৰত ভ্ৰাম্যমাণ জগতৰ নাট্যদল চিৰঞ্জীৱ থিয়েটাৰক আমন্ত্ৰণ কৰি আনিছিল। নাট্য দলটিৰ প্ৰথম আৰু দ্বিতীয় দিনা নাট মঞ্চস্থ হৈছিল যদিও তৃতীয় দিনা এটি বিশেষ কাৰণত নাট মঞ্চস্থ কৰিব নোৱাৰিলে। নাট্য দলটিৰ মূল নায়িকা গািয়ত্রী মহন্ত ২৫ অক্টোবৰত জুৰ আৰম্ভ হৈছিল যদিও তেওঁ তেনে অৱস্থাৰে নাট মঞ্চস্থ কৰিছিল। অভিনেত্ৰীগৰাকীয়ে তেওঁৰ অসুস্থতাৰ বাবে চিকিৎসালয়লৈ গৈ স্বাস্থ্য পৰীক্ষা কৰাত সন্ধিয়াৰ ভাগলৈ তেওঁ ভেংগুত আক্ৰান্ত হােৱাৰ কথা চিকিৎসকে জানিবলৈ দিয়ে। অৱশ্যে উক্ত দিনাও অভিনেত্ৰীগৰাকীয়ে জুৰেৰে অভিনয় কৰে। কিন্তু ২৭ অক্টোবৰ তৃতীয় দিনা অধিক অসুস্থ হােৱাত নাট মঞ্চস্থ কৰিব নোৱাৰিলে অভিনেত্রী গায়ত্রী মহন্তই। যাৰ বাবে নাট প্রদর্শনী থিয়েটাৰ পৰিচালনা সমিতিয়ে বাতিল কৰে। সম্প্রতি গুৱাহাটীৰ দিছপুৰ হস্পাতালাত চিকিৎসাধীন হৈ থকা অভিনেত্ৰীগৰাকীৰ স্বাস্থ্যৰ উন্নতি ঘটিছে বুলি চিকিৎসালয়ৰ সূত্ৰত প্রকাশ।
Share on Google Plus

About Unknown

0 comments:

Post a Comment