অসমত হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদানক লৈ তীব্র প্রতিবাদ চলি থকাৰ সময়তে চুবুৰীয়া ৰাষ্ট্র বাংলাদেশত কালি হিন্দু সম্প্রদায়ৰ মন্দিৰ ভাঙি লুটপাত কৰাৰ লগতে বাসগৃহত অগ্নিসংযোগ কৰে। ফেচবুকত ইছলাম ধৰ্মক অৱমাননাৰ অভিযোগ তুলি বাংলাদেশৰ হিন্দু সম্প্রদায়ৰ শতাধিক লোকৰ বাসগৃহত লুটপাত, অগ্নিসংযোগ কৰাৰ লগতে ১০টা মন্দিৰৰো বিস্তৰ ক্ষতি কৰে।কালি দুপৰীয়া প্রায় ১২ বজাৰ পৰা দেশখনৰ চিলেট জিলা তথা আগৰতলাৰ সীমাস্তৱতী বামুণবাৰী নাছিৰ নগৰত একাংশ উত্তেজিত লোকে হিন্দু সম্প্রদায়ৰ মন্দিৰ আৰু বাসগৃহত লুটপাত চলোৱাৰ লগতে ভাঙি-ছিঙি চুৰমাৰ কৰাৰ পাছত অগ্নিসংযোগো কৰে। ঘটনাস্থলীত স্থানীয় আৰক্ষী, এ পি বি এন-বি লগতে ঘটনাত জড়িত ছজনক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে। এই ঘটনাত গৌড় মন্দিৰৰ এগৰাকী কর্মচাৰী গুৰুতৰভাৱে আহত হােৱাত নাছিৰ নগৰ আধুনিক হাস্পতালত ভর্তি কৰােৱা হৈছে। উল্লেখ্য যে নাছিৰ নগৰ হৰিপুৰৰ হৰিণবোৰ গাঁৱৰ হিন্দু সম্প্রদায়ৰ ৰসৰাজ দাস নামৰ যুৱক এজনে ফেচবুকত আপত্তিজনক ছবি পোষ্ট কৰাৰ পাছতেই অঞ্চলটােত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। আপত্তিজনক ছবিখনত ইছলাম ধৰ্মক অৱমাননা কৰাৰ অভিযোগ তুলি ইতিমধ্যে বিভিন্ন দল-সংগঠনে প্রতিবাদ কৰাত ৰসৰাজ দাস নামৰ যুৱকজনক গ্রেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। ইপিনে, যুৱকজনক গ্রেপ্তাৰ কৰাৰ পাছতো একাংশ ইছলাম ধর্মীয় সংগঠনে ধর্মীয় অনুভূতিত আঘাত কৰাৰ বাবে এক প্রতিবাদী সমাৱেশৰ আয়োজন কৰে। এই প্রতিবাদী সমাৱেশৰ সময়তে উত্তেজিত জনতাই হিন্দু সম্প্রদায়ৰ লোকৰ অঞ্চলত আক্রমণ কৰে। ভাঙি-ছিঙি চুৰমাৰ কৰাৰ লগতে প্ৰণামী বাকচত থকা টকা লুট কৰি নিয়ে। আনপিনে, বাসস্থানসমূহত উৎপাত চলাই টেলিভিছনসহ মূল্যৱান সামগ্ৰীসমূহ লুটপাত কৰি নিয়ে উত্তেজিত লোকসকলে। এই আক্ৰমণৰ সময়ত হিন্দু সম্প্রদায়ৰ পুৰুষ-মহিলাক মাৰপিট কৰে বুলিও প্রত্যক্ষদশীয়ে জনাইছে। গৌড় মন্দিৰৰ উপৰি সদৰৰ পশ্চিমপাৰাৰ জগন্নাথ মন্দিৰ, নমঃশূদ্ৰপাৰাৰ কালী মন্দিৰ, মহাকালপাৰাৰ শিৱমন্দিৰ, দুর্গ মন্দ্ৰি, শীলপাৰাৰ লােকনাথ মন্দিৰ, দত্তপাৰাৰ দত্তবাৰী মন্দিৰ, সূত্ৰধৰ পাৰাৰ কালীমন্দিৰতো আক্রমণ কৰি মন্দিৰ লুটপাত কৰে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment