পশ্চিম বঙ্গৰ নদিয়া জিলাৰ চকদহা নগৰত মুখ্য মন্ত্রী মমতা বেনাৰ্জীৰ এটি দুৰ্গাৰ দৰে মূর্তি সাজি সকলৰে দৃষ্টি আকর্ষণ কৰিছে। মূৰ্তিটোত দুৰ্গাৰ দৰে দহ খন হাত আছে। তাত অৱশ্যে অস্ত্রৰ সলনি ৰাজ্য খনৰ দহটা উন্নয়ন মূলক বিভাগ দাঙি ধৰা হৈছে। বগা শাড়ী পৰিহিত মমতাই নমস্কাৰ জনাই আছে। মূৰ্তিটো স্থাপন কৰা প্রান্তিক নামৰ ক্লাবটোয়ে মমতাক মানব দেবী বুলি অভিহিত কৰি তেওঁৰ মূর্তি দুৰ্গা দেৱীৰ কাষত স্থাপন কৰি পূজা কৰিব পাই অত্যন্ত সুখী বুলি মন্তব্য কৰিছে । উল্লেখ্য যে মূৰ্তিটো ৪ অক্টোবৰত স্থাপন কৰা হৈছে।
মমতা বেনাৰ্জীৰ দুৰ্গাৰ দৰে মূর্তি সাজি পশ্চিম বঙ্গত পূজা
পশ্চিম বঙ্গৰ নদিয়া জিলাৰ চকদহা নগৰত মুখ্য মন্ত্রী মমতা বেনাৰ্জীৰ এটি দুৰ্গাৰ দৰে মূর্তি সাজি সকলৰে দৃষ্টি আকর্ষণ কৰিছে। মূৰ্তিটোত দুৰ্গাৰ দৰে দহ খন হাত আছে। তাত অৱশ্যে অস্ত্রৰ সলনি ৰাজ্য খনৰ দহটা উন্নয়ন মূলক বিভাগ দাঙি ধৰা হৈছে। বগা শাড়ী পৰিহিত মমতাই নমস্কাৰ জনাই আছে। মূৰ্তিটো স্থাপন কৰা প্রান্তিক নামৰ ক্লাবটোয়ে মমতাক মানব দেবী বুলি অভিহিত কৰি তেওঁৰ মূর্তি দুৰ্গা দেৱীৰ কাষত স্থাপন কৰি পূজা কৰিব পাই অত্যন্ত সুখী বুলি মন্তব্য কৰিছে । উল্লেখ্য যে মূৰ্তিটো ৪ অক্টোবৰত স্থাপন কৰা হৈছে।
0 comments:
Post a Comment