হিন্দু বাংলাদেশীৰ নাগৰিকত্ব::ৰাইজৰ মতামত ল’বলৈ অসমলৈ আহিব যুটীয়া সংসদীয় সমিতি



অসমৰ দল-সংগঠন তথা জনসাধাৰণৰ হিন্দু বাংলাদেশীৰ নাগৰিকত্ব সম্পৰ্কীয় বিধেয়ক সন্দৰ্ভত মতামত সংগ্ৰহ অসম লৈ আহিব যুটীয়া সংসদীয় কমিটী। কমিটীৰ এই অসম ভ্ৰমণৰ দিন-বাৰ অৱশ্যে চূড়ান্ত হােৱা নাই।এই সন্দৰ্ভত কমিটীলৈ ইতিমধ্যে পত্র প্ৰেৰণ কৰা মুখ্যমন্ত্রী সোণোৱালয়ে কালি নতুন দিল্লীৰ ১২ টােগলক ৰোডত থকা বাসভৱনত কমিটীৰ অধ্যক্ষৰ সৈতে এক বৈঠকত মিলিত হােৱাৰ সময়ত তেওঁ এই নিশ্চিতি প্রদান কৰে। বৈঠকৰ সময়ত তেওঁ বিষয়টাে সন্দৰ্ভত ৰাজ্যখনৰ বিভিন্ন দল-সংগঠন তথা জনসাধাৰণে আপত্তি দৰ্শোৱাৰ কথা উল্লেখ কৰি তেওঁলোকৰ মতামত সংগ্ৰহ কৰাৰ বাবে কমিটীকা অসমলৈ যোৱাৰ বাবে আহ্বান জনায়। কমিটীয়ে দিল্লীত ৰাজ্যখনৰ কেতবোৰ দল-সংগঠনৰ মতামত গ্রহণ কৰিছে। যদিও এই সন্দৰ্ভত ৰাজ্যৰ সকলো দল-সংগঠনৰ লগতে জনসাধাৰণৰ মতামত গ্রহণ কৰাটো প্রয়োজনীয় বুলি উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কমিটীৰ এক বৈঠক অসমত অনুষ্ঠিত কৰাৰ বাবে অধ্যক্ষ সিঙক অনুৰােধ জনায়। মুখ্যমন্ত্রীৰ এই অনুৰােধৰ প্রতি সঁহাৰি জনাই যুটীয়া সংসদীয় কমিটীৰ অধ্যক্ষ সত্যপাল সিঙে অসমত কমিটীৰ বৈঠক অনুষ্ঠিত কৰাত সন্মতি প্রকাশ কৰে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment