সন্ত্রাসবাদীক পাকিস্তান চৰকাৰে যোগান ধৰিছে খাদ্য :: বিক্ষুব্ধ জনতাই উদঙালে শ্বৰীফৰ ভূমিকা




পাক অধিকৃত কাশ্মীৰৰ বাসিন্দাসকলে অঞ্চলটোক সন্ত্রাসবাদীয়ে আশ্রয় গৃহ হিচাপে ব্যৱহাৰ কৰা বুলি দাবী কৰাৰ পাছতেই দেশখনৰ প্ৰধানমন্ত্রী নৱাজশ্বৰীফৰ বাবে এয়া এক চৰম হতাশা হিচাপে চিহ্নিত হৈছে। পাকিস্তানৰ ভূমিকাক উদঙাই দি পাক অধিকৃত কাশ্মীৰৰ মুজাফফাৰ অঞ্চলৰ এজন স্থানীয় নেতাই উল্লেখ কৰিছে যে অঞ্চলটোত নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠনৰ শিবিৰত চৰকাৰে খাদ্য আৰু অন্যান্য সা-সামগ্ৰী নিয়মীয়ালৈ যোগান ধৰি আছে। পাক অধিকৃত কাশ্মীৰৰ মুজাফৰবাদ,কেটলি ,চিনাৰি, মীৰপুৰ, গিলগিট, ডিয়ামেৰ আৰু নিলাম ভেলীত সন্ত্ৰাসবাদীৰ প্ৰশিক্ষণ শিবিৰে সাধাৰণ জনতাৰ জীৱন দুর্বিষহ কৰি তোলা বুলিও অভিযোগ কৰিছে এই নেতাজনে। উল্লেখনীয় যে পাক অধিকৃত কাশ্মীৰত এই সন্ত্রাসবাদী শিবিৰবোৰ উ ৎখাত কৰাৰ দাবীত ৰাজ পথত প্ৰতি বাদ সাব্যক্তি কৰিছে সাধাৰণ জনতাই । অলপতে এছিয়ান মানৱ অধিকাৰ আয়োগ (এএইছ আৰচি)ৰ এক প্রতিবেদনত উল্লেখ কৰা হৈছিল যে পাক অধিকৃত কাশ্মীৰৰ গিলগিট – বাল্টি স্তান অঞ্চলত দেশখনৰ সেনা আৰু আৰক্ষীয়ে নৃশংসভাৱে নিৰীহ লোকৰ ওপৰত অত্যাচাৰ চলাই আহিছে।




Share on Google Plus

About Unknown

0 comments:

Post a Comment