
“যা দেবী সর্বভুতেষু শক্তিৰূপেণ সংস্থিতা, নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ...।---- এইদৰে এতিয়া মণ্ডপে মণ্ডপে গুঞ্জৰিত হৈছে শক্তিদায়িনী, মাতৃস্বৰূপিণী, মহিষমৰ্দিনী দেৱী দুৰ্গাৰ বন্দনা। সৰ্বভূতৰ শক্তিৰূপিণী, মাতৃস্বৰূপিণী দেৱী দশভূজালৈ ভক্তি অর্ঘ নিবেদন কৰি দেৱীৰ আশিস নির্মালি পাবলৈ উন্মুখ হৈ পৰিছে ভক্তিপ্রাণ ভক্তগণ। ধর্মীয় পৰিসীমা অতিক্ৰমি জাতিধর্ম-বর্ণ নির্বিশেষে সর্বস্তৰৰ জনগণৰ মাজত উঠিছে উছৱৰ উচাহপূর্ণ লহৰ। শংখ, ঘণ্টা, উৰুলি, মন্ত্রধ্বনি, মংগলধ্বনিৰ মাজত পৰহি দেৱীৰ ষষ্ঠীৰ বেদীত অসুৰনাশিনী দেৱী দুর্গাক প্রতিষ্ঠা কৰাৰ পিচত কালি পুৱাৰ পৰা আৰম্ভ হয় দেৱীৰ সপ্তমী যথাবিহিত পূজা-আৰাধনা। পুৱা ৯ বাজি ১৪ মিনিট ২৬ ছেকেণ্ডৰ ভিতৰত সম্পন্ন হয় শাৰদীয় দুৰ্গা দেৱীৰ নৱপত্রিকা প্ৰৱেশ, স্থাপন আৰু সপ্তমাদি কল্পাৰম্ভ। ফৰকাল বতৰৰ আপাহত কালি সপ্তমীৰ দিনা হিলদল ভাঙি পূজাথলীলৈ ওলাই আহে ভক্তিপ্রাণ, উৎসৱপ্ৰেমী জনগণ। বিভিন্ন পূজাথলীত পৰিলক্ষিত হয় ভক্তৰ দীঘলীয়া শাৰী। সন্ধিয়াৰ পৰা মানুহৰ ভিৰত বিৰ দি বাট পাবলৈ নােহােৱা অৱস্থাৰ সৃষ্টি হয় বহুসংখ্যক পূজাথলীত। ভক্তিৰস, আনন্দ-উচাহৰ ধল নামে ধৰাৰ বুকুত। ইফালে কালি সপ্তমীৰ দিনা ৰাজ্যৰ বিভিন্ন প্রান্তৰ ঐতিহ্যমণ্ডিত বিভিন্ন শক্তিপীঠ, দেৱীপীঠ, দেৱালয় আদিত হাঁহ, পাৰ, ছাগলীৰ লগতে ম’হ বলিও সম্পন্ন হয়। দেশ-বিদেশৰ অগণিত ভক্তৰ আকৰ্ষণৰ কেন্দ্ৰস্বৰূপ কামাখ্যাধামত অন্যান্য বলিৰ লগতে আঠটা ম’হ বলি দিয়াৰ বাতৰি আহিছে। গুৱাহাটীৰ উগ্ৰতাৰা দেৱালয়, নলবাৰী জিলাৰ বেলশৰৰ ঐতিহ্যমণ্ডিত বিলেশ্বৰ দেৱালয়, ১৭ শতিকাত নির্মিত কাজিৰঙাৰ কাক গোসাঁনী থানৰ লগতে আন কেতবোৰ স্থানতো আজি হাঁহ-পাৰ, ছাগলী আদি বলি দি শক্তিদায়িনী দেৱী দুৰ্গলৈ উৎসর্গ কৰাৰ বাতৰি পোৱা গৈছে। উল্লেখযোগ্য যে ব্ৰহ্মাৰ বৰত বলীয়াত হৈ যেতিয়া স্বৰ্গলোকো অধিকাৰ কৰি ত্রিভুবনত সন্ত্রাসৰ সৃষ্টি কৰিছিল। তেতিয়া অসুৰ নিধনৰ হেতু ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ লগতে অন্যান্য দেৱতাৰ তেজৰ দ্বাৰা জন্ম হৈছিল আদ্যশক্তি দেৱী দশভূজাৰ। মহিষাসুৰ বধৰ বাবে দেৱী দুর্গাক সদাশিৱে প্ৰদান কৰিছিল ত্ৰিশূল। বিষ্ণুৱে দিছিল চক্ৰ আৰু ইন্দ্ৰই দিছিল বাজ। সমুদ্রই বস্ত্ৰ আৰু হিমালয়ে সিংহ বাহন প্রদান কৰিছিল। আদ্যশক্তিক। এইদৰে সুসজ্জিতা দেৱী দশভূজাৰ হাতত নিধন হৈছিল মহিষাসুৰ। ত্রেতা যুগত ভগৱান ৰামচন্দ্ৰই ৰাৱণ নিধনৰ হেতু দেৱীৰ আশীর্বাদ বিচাৰি বাসন্তী দুৰ্গৰ অকাল বােধনেৰে শাৰদীয় দুৰ্গা পূজাৰ সূচনা কৰিছিল। সেই পৰম্পৰাক সাৰােগত কৰিয়ে আজিও ধৰাৰ বুকুত উদযাপিত হৈ আহিছে শাৰদীয় দুৰ্গা পূজা। কালি আজি কালৰাত্ৰি ৰূপত পূজিত হােৱাৰ পিচত আজি মহাগৌৰীৰ ৰূপত শক্তিদায়িনী, আয়ুস, যশ, বিজয়দায়িনী দেৱী দুৰ্গলৈ আগবঢ়োৱা হ’ব মহাষ্টমী বিহিত পূজা।
0 comments:
Post a Comment