১। NDFBৰ ধাৰাবাহিক বিস্ফোৰণ কাণ্ডৰ ৮ বছৰ। CJM ক’ৰ্ট, গণেশগুৰিত নিহতলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ। DYৰ আহ্বানৰ প্ৰতি সঁহাৰি দি দীপাৱলীত ফটকাৰ পৰিৱৰ্তে এগছি বন্তি জ্বলোৱাৰ সংকল্প ৰাজ্যবাসীৰ।
২। ৮ বছৰৰ পিছত পুনৰ ৩০ অক্টোবৰৰ পুনৰাবৃত্তিৰ পৰিকল্পনা কৰিছিল NDFB সংবিজিতে। চিৰাঙৰ চম্পা বজাৰত সংঘৰ্ষত নিহত দুৰ্ধৰ্ষ NDFB কেডাৰ। বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ।
৩। পবিতৰা অভয়াৰণ্যৰ পিছলহাটীত বনৰক্ষীৰ গুলীত নিহত ২ চোৰাংচিকাৰী। গঁড় চিকাৰৰ উদ্দেশ্যে পবিতৰাত সোমাবলৈ লওঁতেই বনৰক্ষীৰে সংঘৰ্ষ।
৪। মহানগৰীত চাঞ্চল্যকৰ অপহৰণ-কাণ্ডত জড়িত SSB জোৱান। নিজেই আৰক্ষীৰ পোছাক, সতীৰ্থক সামৰিক পোছাক পিন্ধাই হাতীগাঁৱৰ পৰা অপহৰণ কৰিলে এজনক। অপহৃতক উদ্ধাৰ, ৩জনক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে।
৫। গড়চুকৰ পামহীত পুৱাই বন্যহস্তীৰ আক্ৰমণত নিহত মহিলা। গড়ভাংগা বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীয়ে লণ্ডভণ্ড কৰিলে বহু ঘৰ।
৬। এইবাৰৰ দীপাৱলী দেশৰ সেনা জোৱানলৈ উছৰ্গা কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। ‘মন কী বাত’ত অংশ লৈ দেশবাসীক দীপাৱলীৰ শুভেচ্ছা দিয়াৰ লগতে সেনাৰ গৌৰৱ গাঁথা ক’লে প্ৰধানমন্ত্ৰীয়ে।
৭। আকৌ পাকিস্তানত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। কৰাচীত চিয়াপন্থীৰ সমাৱেশত নিৰ্বিচাৰ গুলীচালনা। নিহত ৫, আহত ভালেসংখ্যক।
0 comments:
Post a Comment