
আকৌ বিয়া কৰাবলৈ প্রস্তুতি চলাইছে নাইজেৰিয়াৰ আটাইতকৈ বেছি পত্নী থকা ৯২ বছৰীয়া মােহাম্মেদ বেলো আবুবকৰ নামৰ ব্যক্তিজনে । ইতিমধ্যে ১০৭ গৰাকীৰ পাণি গ্রহণ কৰা মৌলবীজনে তেওঁৰ মৃত্যু হােৱা বুলি ওলোৱা উৰা বাতৰি সজোৰে অস্বীকাৰ কৰি তেওঁ আকৌ বিয়া কৰাবলৈ প্রস্তুতি চলাইছে বুলি সদৰী কৰিছে। বর্তমান ৯৭ গৰাকী পত্নী লগত থকা মৌলবীগৰাকীয়ে পুনৰ বিবাহৰ প্ৰস্তুতি চলোৱাটাে সৰগীয় আহ্বান বুলি অভিহিত কৰিছে। উপাৰ্জনৰ উপযুক্ত পথ নথকা মৌলবীজনৰ ব্যাপক সংখ্যাৰ বিয়াক লৈ পূর্বতে স্থানীয় ইছলামিক কর্তৃপক্ষৰ সৈতে বিবাদো লাগিছিল। মৌলবীজনে ১০৭ গৰাকী বিয়া কৰাইছিল যদিও দহ গৰাকীৰ সৈতে তেওঁৰ বিবাহ বিচ্ছেদ হৈছে। ২০০৮ চনত আবুবকৰৰ পত্নীৰ সংখ্যা আছিল ৮৬ গৰাকী। কোৰানৰ ভুল ব্যাখ্যা দিয়াৰ বাবে ২০০৮ চনত তেওঁক গ্রেপ্তাৰ কৰা হৈছিল।
0 comments:
Post a Comment