
গল্প, উপন্যাস, ভ্ৰমণ কাহিনী লিখি অসমীয়া সাহিত্য ক্ষেত্ৰত প্রতিষ্ঠা লাভ কৰা তথা দূৰদৰ্শন আৰু আকাশবাণীৰ বাতৰি পৰিবেশিকা হিচাপে জনপ্রিয়তা অর্জন কৰা অৰুন্ধতী দত্তই কালি নিশা ১১ বজাত বিশিষ্ট লেখিকাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে । উল্লেখ্য যে বিগত প্রায় চাৰে পাঁচ মাহ ধৰি দুৰাৰােগ্য ৰােগেৰে যুঁজি আছিল বিশিষ্ট লেখিকাগৰাকীয়ে। যোৱা ২৪ এপ্ৰিলত গা-ধোৱা ঘৰত পৰি যোৱাৰ পাচৰে পৰা অৰুন্ধতী দত্তই গুৱাহাটী আৰু দিল্লীৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছিল।১৯৫৫ চনৰ ৩১ জুলাইত মালিগাঁৱত জন্মগ্রহণ কৰা অৰুন্ধতী দত্তই প্রাথমিক আৰু মাধ্যমিক শিক্ষা সমাপ্ত কৰিছিল। পিতৃ সমাজবাদী আন্দােলন আৰু ট্রেড ইউনিয়নৰ বিশিষ্ট নেতা প্রয়াত নিবাৰণ বৰা। যাৰ আদৰ্শৰে অনুপ্রাণিত হৈ ডাঙৰ-দীঘল হৈছিল অৰুন্ধতী দত্তই। অৰুন্ধতী দত্তই দর্শন শাস্ত্ৰত উচ্চ শিক্ষা সমাপ্ত কৰে কটন মহাবিদ্যালয়ৰ পৰা। ১৯৭৭ চনত দেৱেন দত্তৰ স’তে বিশিষ্ট লেখিকাগৰাকীয়ে বিবাহপাশত আবদ্ধ হৈছিল। তেওঁ দূৰদৰ্শন আৰু আকাশবাণীত বাতৰি পৰিবেশিকা হিচাপে চাকৰি কৰিছিল। ১৯৮৭ চনৰ পৰা ২০০২ চনলৈ তেওঁ দূৰদৰ্শন আৰু আকাশবাণীৰ বাতৰি পৰিবেশনৰ দায়িত্ব গ্রহণ কৰি জনপ্রিয়তা অর্জন কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ মাজতে কেইবাবছৰ তেওঁ অসমৰ জনপ্রিয় সাপ্তাহিক কাকত 'সাদিনত সাংবাদিকতা কৰিছিল। "সাদিনত তেওঁ ‘অর্ধ-আকাশ’ নামৰ মহিলা বিষয়ক বিশেষ পৃষ্ঠা এটা সম্পাদনা কৰিছিল। পৰৱতী কালত সক্রিয় সাংবাদিকতাৰ পৰা আঁতৰি থাকিলেও তেওঁ ভিন্ন বাতৰি কাকত, আলোচনীত লিখা-মেলা অব্যাহত ৰাখে। তেওঁ “অন্ধকাৰত জোনাকী মন’, ‘ঈশ্বৰৰ পৃথিৱীত আদম আৰু ইভ, সংগ্রামী পিতৃ নিবাৰণ বৰাৰ জীৱনৰ ওপৰত ‘আত্মজাৰ আত্মানুসন্ধান’ নামৰ উপন্যাস প্রকাশ কৰে। তদুপৰি প্রবন্ধ সংকলন “ভিন্ন জন ভিন্ন মত', সন্তান প্রতিপালন আৰু যত্নৰ বিষয়ক ‘জীৱনৰ ভাস্কর্যঃ মানুহ গঢ়াৰ কমাৰশাল’ আৰু কৰ্কট ৰােগ জয় কৰাৰ দুর্বিষহ দিনৰ স্মৃতিত লিখা উপন্যাসোপম কাহিনী ‘সুখ-অসুখৰ যুগলবন্দী’ লিখি উলিয়ায়। তেখেতৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে ৰাজ্যবাসী।
0 comments:
Post a Comment