
দক্ষিণ কাশ্মীৰৰ ছপিয়ান এলেকাত থকা লোকসকলৰ সুৰক্ষাৰ বাবে জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে উক্ত গাঁওখনত স্থাপন কৰা এটা আৰক্ষী শিবিৰত কালি দিনৰ ভাগত পাকিস্তানী সন্ত্রাসবাদীয়ে আক্রমণ চলায়। অতর্কিতে হােৱা এই আক্ৰমণৰ ফলত এজন আৰক্ষীৰ লোক নিহত হােৱাৰ লগতে আন দুজন লোক আহত হয়। অৱশ্যে আৰক্ষীৰ শিবিৰটােত আক্রমণ সংঘটিত কৰা উগ্ৰপন্থীকেইজন পলাই যাবলৈ সক্ষম হয়। শিবিৰটােত সীমিতসংখ্যক আৰক্ষীৰ লোক থকা বাবে প্রতিৰােধ গঢ়ি তুলিবলৈ সক্ষম নহ’ল।
0 comments:
Post a Comment