পবিতৰাত চোৰাং চিকাৰীক হত্যা কৰা বনৰক্ষীক পুৰস্কৃত কৰিব চৰকাৰে::বন মন্ত্ৰীৰ ঘোষণা


পবিতৰা অভয়াৰণ্যৰ পিপলিআটী বন শিবিৰত যোৱা নিশা বনৰক্ষী আৰু চোৰাং চিকাৰীৰ মাজত সংঘটিত হোৱা প্রচণ্ড গুলীয়াগুলীৰ ঘটনাত থিতাতে দুটা চোৰাং চিকাৰী নিহত হয়৷ নিহত চিকাৰী দুটাৰ প্রকৃত পৰিচয় আজিও বন বিভাগ তথা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও দৈহিক অৱয়বৰ প্রতি লক্ষ্য ৰাখি দুয়োটাকে নগা অথবা কার্বি লোক বুলি ধাৰণা কৰিছে৷ চোৰাং চিকাৰী দুটাৰ কবলৰ পৰা বনৰক্ষীৰ অভিযানকাৰী দলটোৱে এটা এ কে 47 ৰাইফলসহ 10 জাঁই সজীৱ গুলী উদ্ধাৰ কৰিছে৷ উল্লেখযোগ্য যে চোৰাং চিকাৰীৰ দলে গঁড় নিধনৰ বাবে এ কে-47ৰ দৰে মাৰণাস্ত্র ব্যৱহাৰ কৰা বুলি তথ্য সদৰী হোৱাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে বিভিন্ন মহলত৷ পবিতৰাত দুটা চোৰাং চিকাৰী নিহত হোৱাৰ খবৰ পোৱাৰ পাছত আজি অভয়াৰণ্যখনলৈ ঢপলিয়াই আহে বনমন্ত্রী প্রমিলাৰাণী ব্রহ্ম৷ বন বিভাগৰ একাংশ শীর্ষ বিষয়াৰ লগত অহা বনমন্ত্রীগৰাকীয়ে প্রথমে মায়ং থানাত উপস্থিত হৈ থানাত থোৱা নিহত চোৰাং চিকাৰী দুটাৰ দেহ প্রত্যক্ষ কৰে৷ ইয়াৰ পাছতে মন্ত্রীগৰাকীয়ে পবিতৰালৈ আহি চোৰাং চিকাৰী নিধন কৰা পবিতৰাৰ সাহসী বনৰক্ষীৰ দলটোক ধন্যবাদ জনোৱাৰ লগতে শীঘ্রে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা দলটোক পুৰস্কাৰ প্রদান কৰা হ’ব বুলি ঘোষণা কৰে৷ উক্ত বনৰক্ষীৰ দলটোক কাষত লৈ মন্ত্রী ব্রহ্মই ফটো উঠাও দেখা যায়৷ ৰাজ্যত গঁড় নিধনৰ বাবে বহিঃৰাজ্যৰ চোৰাং চিকাৰীক ভাৰাত অনা বুলি তথ্য সদৰী কৰা বনমন্ত্রীগৰাকীয়ে চোৰাং চিকাৰীৰ বৃহৎ চক্রটোৰ দুর্ধর্ষ তথা আচল নায়কসকলক এতিয়াও বন বিভাগে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই বুলি মন্তব্য কৰে৷ ইফালে পবিতৰাৰ পার্শ্বৱর্তী এলেকাৰ একাংশ লোক এই দুর্ধর্ষ চোৰাং চিকাৰীৰ দলৰ লগত জড়িত থকাৰ কথাও ব্যক্ত কৰে মন্ত্রীগৰাকীয়ে৷ এই লৈ উদ্বিগ্ন মন্ত্রীগৰাকীয়ে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ বন বিভাগক নির্দেশ দিয়ে৷

Share on Google Plus

About Unknown

0 comments:

Post a Comment