
বিজেপিৰ শীর্ষ মহলকে ধৰি কেন্দ্রীয় চৰকাৰৰ অভ্যন্তৰত বিজেপিৰ সাংসদ তথা কেন্দ্রীয় কমিটীৰ সদস্য বৰণ গান্ধী অস্ত্ৰ ব্যৱসায়ীৰ দ্বাৰা মধুচক্ৰৰ জালত পৰাৰ ঘটনাই তীব্র আলোড়নৰ সৃষ্টি কৰিছে। গান্ধী পৰিয়ালৰ সদস্য বৰুণ গান্ধী অস্ত্ৰ ব্যৱসায়ী আৰু মধুচক্রৰ ফান্দত পৰাৰ সমস্ত তথ্য ইতিমধ্যে এজন অস্ত্ৰ ব্যৱসায়ীৰ এজেণ্ট আমেৰিকান ব্যক্তি চি এড়ামাণ্ডছ এলেনে প্রধানমন্ত্ৰীৰ কার্যালয়লৈ (পি এম অ') প্ৰেৰণ কৰিছে। দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰৰ অতিশয় গুৰুত্বপূর্ণ আৰু স্পর্শকাতৰ “ডিফেন্স কনছালটেটিভ কমিটীৰ সদস্য তথা সাংসদ এজন অস্ত্ৰ ব্যৱসায়ীৰ ফান্দত পৰাৰ ঘটনা দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰতো উদ্বেগজনক হিচাপে বিবেচিত হৈছে। অৱশ্যে সাংসদ বৰুণ গান্ধীয়ে এই সমস্ত অভিযোগ অস্বীকাৰ কৰিছে। অভিষেক বাৰ্মা নামৰ এজন প্রখ্যাত অস্ত্ৰ ব্যৱসায়ীৰ সৈতে জড়িত হৈ বৰুণ গান্ধী মধুচক্ৰৰ জালত পৰে। এই অভিষেক বাৰ্মাৰ এসময়ৰ এজেণ্ট চি এড়ামাণ্ডছ এলেনে বৰুণ গান্ধী মধুচক্ৰৰ কবলত থকাৰ সময়ত ফটাে, ভিডিঅ’ ইত্যাদি সংগ্ৰহ কৰি প্ৰধান মন্ত্রীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰাত চৰকাৰৰ অভ্যন্তৰত চাঞ্চল্যৰ সৃষ্টি হয়। এলেনে ইতিমধ্যে অস্ত্ৰ ব্যৱসায়ৰ অনেক অবৈধ লেনদেন উন্মোচন কৰিছে। তেওঁৰ মতে অভিষেক বাৰ্মাৰ সৈতে বৰুণ গান্ধীৰ তেনে লেনদেন হৈছে। এই লেনদেন তেওঁক মধুচক্ৰৰ জালত পেলাই অভিশেষ বাৰ্মাই ব্লেকমেইলিঙৰ জৰিয়তে কৰােৱা বুলি এলেনে সন্দেহ প্রকাশ কৰিছে। বৰুণ গান্ধীয়ে অভিষেক বাৰ্মাৰ সৈতে তেওঁৰ পৰিচয় থকাৰ কথা স্বীকাৰ কৰিলেও শেহতীয়াকৈ তেওঁৰ সৈতে কোনো সাক্ষাৎ হােৱা নাই বুলি মন্তব্য কৰিছে।
0 comments:
Post a Comment