সোণোৱাল চৰকাৰক ব্যর্থ বুলি অভিহিত কৰিলে তৰুণ গগৈয়ে ;;তীব্র সমালোচনা


প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে বিজেপি মিত্ৰজোটৰ চৰকাৰখন সকলো ক্ষেত্ৰতে এখন ব্যর্থ চৰকাৰ বুলি অভিহিত কৰিছে । কালি প্রদেশ কংগ্ৰেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত লগতে গগৈয়ে কয় যে সোণোৱাল চৰকাৰে ৰাজ্যত শাসনভাৰ লৈয়ে ঘোষণা কৰিছিল যে কংগ্ৰেছে যি কাম পোন্ধৰ বছৰত কৰিব পৰা নাছিল, বর্তমানৰ চৰকাৰে এশ দিনত কৰি দেখুৱাব। এতিয়া চৰকাৰখনৰ এশ দিন পাৰ হ’ল। অসমৰ ৰাইজক দিয়া প্রতিশ্রুতি সোণোৱাল চৰকাৰে এশ দিনত ৰক্ষা কৰিবলৈ সক্ষম নহ’ল। সেয়ে অতি কম দিনৰ ভিতৰত ৰাইজৰ মোহভংগ হােৱা এইখনেই প্রথম চৰকাৰ হিচাপে অসমৰ ইতিহাসত নাম থাকি যাব। দিছপুৰত বহিয়ে চেকগোট বন্ধ কৰি দিলে আৰু দুনীতি উঠাই দিয়া বুলি ক’লে।তাৰ পিচত মূল্যবৃদ্ধি হ্রাস পাব লাগিছিল যদিও নহ’ল। সম্প্রতি মূল্যবৃদ্ধিয়ে অসমৰ সৰ্বসাধাৰণ ৰাইজক কোঙা কৰি পেলাইছে। নির্বাচনৰ সময়ত প্রধানমন্ত্রীয়ে আশ্বাস দিছিল যে অসমত বিজেপি হ’লে কেন্দ্রীয় চৰকাৰে সকলোধৰণৰ সহায়-সাহায্য আগবঢ়াব। কিন্তু সোণোৱাল চৰকাৰ ৰাজ্য শাসনত বহাৰ পিচত মোউী চৰকাৰে অসমক পাহৰিলে। আজিলৈকে এটকাও কেন্দ্ৰৰ পৰা আনিবলৈ সক্ষম হােৱা নাই চৰকাৰে। আনকি দুটকীয়া চাউলো বন্ধ হৈ পৰিল। অসমৰ স্বাৰ্থ বিসর্জন দি বিদেশীক মুক্ত বিচৰণৰাে পথ প্রশস্ত কৰি দিলে বিজেপিয়ে। আচলতে চৰকাৰখনে ৰাইজক চূড়ান্তভাৱে প্ৰৱঞ্চনা কৰিছে। কর্কট ৰােগীৰ বাবে পেট চিটি স্কেন মেচিন যোগানকে ধৰি যিবোৰ কাম এশ দিনত চৰকাৰে কৰা বুলি ক’লে, তাৰ অধিকাংশ কাম পূৰ্বৰ চৰকাৰৰ দিনতে গ্রহণ কৰা আঁচনি বুলিও গগৈয়ে দাবী কৰে। কেন্দ্ৰৰ মোউী চৰকাৰ আৰু অসমৰ সোণোৱাল চৰকাৰৰ কথা আৰু কামৰ মাজত আকাশ-পাতাল পার্থক্য আছে বুলিও গগৈয়ে অভিযোগ কৰে।সেয়ে তিনি মাহতে চৰকাৰখনৰ প্রতি অসমৰ ৰাইজৰ মোহভংগ হৈছে।অসমৰ ৰাইজ চৰকাৰখনৰ কাম-কাজত হতাশ হৈ পৰিছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment