:

অসসিষ্ণুতাৰ ক’লা ডাৱৰে ভাৰতৰ আকাশ বহাত ধূৱলি কুঁৱলি কৰি হিন্দু-মুছলমানৰ ভাতৃত্বৰ এনাজনী মেঘাচ্ছন্ন কৰি ৰখাৰ সময়তে এটা ভাল খবৰে ভাৰতীয়সকলৰ মনত আশাৰ সঞ্চাৰ ঘটাইছে৷
একাংশ উগ্ৰ হিন্দুত্ববাদী আৰু ৰাজনৈতিক উদ্দেশ্য প্ৰনোদিত ব্যক্তি বিশেষ আৰু দল-সংগঠনৰ প্ৰৰোচনাত একপ্ৰকাৰ আত্মীয়তা হেৰুৱাৰ দিশত আগবাঢ়িছিল ভাৰতীয় হিন্দু-মুছলমানসকলে৷
ইয়াৰ বিপৰিতে কানপুৰৰ এগৰাকী মুছলমান মহিলাই দেশবাসীক উপহাৰ দিলে যুগমীয়া নিদৰ্শন৷
প্রায় এবছৰ ধৰি মৃত্যুৰ সৈতে যুঁজি থকা এগৰাকী হিন্দু বান্ধৱীক নিজৰ কিডনী দান কৰি কানপুৰৰ এগৰাকী মুছলিম সম্প্রদায়ৰ মহিলাই প্রদর্শন কৰা মহানুভৱতাই সকলোৰে মন চুই গৈছে।
কানপুৰৰ ফাতেহপুৰ জিলাৰ শ্বামছাদ বেগম নামৰ ৪০ বর্ষীয় মহিলাগৰাকীয়ে তেওঁৰ নিকটৱৰ্তী গাঁৱৰে আৰতি নামৰ হিন্দু মহিলাগৰাকীক কিডনী আগবঢ়াবলৈ সকলো আইনী প্রক্রিয়া সম্পন্ন কৰিছে।
সাম্প্রদায়িক চিন্তা-চর্চা সদায় মানৱতাৰ উৰ্ধ্বত বুলি উল্লেখ কৰি শ্বামছাদে কয় যে তেওঁৰ অংগদানে আন এজনক মৃত্যুৰ পৰা উদ্ধাৰ কৰিবলৈ পোৱাটাে গৌৰৱৰ বিষয়।

0 comments:
Post a Comment