ভূপেনদাই ১৯৬৪ চনত পাহাৰ -ভৈয়ামৰ সমন্বয় , সম্প্ৰতিৰ পটভূমিত অসমীয়া কথাছবি "প্ৰতিধ্বনি " নিৰ্মাণ কৰে । ছবিখনৰ বৰ্হিদৃশ্য গ্ৰহণ কৰিছিল মেঘালয়ৰ চেৰাপুঞ্জীত ছবিখনত খাচী-চিয়েমক ( খাচী ৰজা ) সন্মান জনাই ভূপেনদাই ' দুয়োটি বাঁহী বাঁহৰে বাঁহী ' গীতটি লিখি কণ্ঠদান কৰে । এইখন কথাছবিৰ বাবে ৰাষ্ট্ৰপতিৰ পৰা ৰূপৰ পদক লাভ কৰে । গীতটি -----
* * * * * * * * *
হে হে হে ঢোলে ডগৰে
হে হে হে হিয়াৰ উমেৰে
নেদেখা এনাজৰীৰে
এ বান্ধো আমি পাহাৰ শিখৰৰে মহান চিয়েমক,
হে হে হে চেৰাপুঞ্জীৰে
হে হে হে ভিজা আকাশৰে
উদাৰ মেঘে যেনেদৰে
সাৱটি ধৰে বাৰিষা-ৰূপেৰে আমাৰ লুইতক ----
হে হে হে ভিজা আকাশৰে
উদাৰ মেঘে যেনেদৰে
সাৱটি ধৰে বাৰিষা-ৰূপেৰে আমাৰ লুইতক ----
মুগা সোণালী শুৱালকুছিৰে
হয় জেইন্ চেম খাচী ৰূপহীৰে
সৰল গছৰে ধূপকাঠৰে
সুগন্ধি সুবাসে ভুলায় আমাক -----
হয় জেইন্ চেম খাচী ৰূপহীৰে
সৰল গছৰে ধূপকাঠৰে
সুগন্ধি সুবাসে ভুলায় আমাক -----
ওখ সৰলৰে পাত সেউজীয়া
আমাৰো আঁহত গছ সেই বৰণীয়া
ব্লেই বা জোনে
পাহাৰ ভৈয়ামতে
শাৰদী নিশা ঢালে একেই জোনাক ----
আমাৰো আঁহত গছ সেই বৰণীয়া
ব্লেই বা জোনে
পাহাৰ ভৈয়ামতে
শাৰদী নিশা ঢালে একেই জোনাক ----
ৰঙা পাহাৰৰে মাটি কাটি
খাচী কৃষকে খাটে দিনে ৰাতি
ভৈয়ামৰো খেতিৰ
হেজাৰ ৰংমনে
আঁকোৱালি ধৰিব সেই কৃষকক ----
খাচী কৃষকে খাটে দিনে ৰাতি
ভৈয়ামৰো খেতিৰ
হেজাৰ ৰংমনে
আঁকোৱালি ধৰিব সেই কৃষকক ----
খাচীৰ ঈশ্বৰ উব্লেই মহান
নাগধাৰী শিৱ আমাৰো ভগৱান
খাচী আৰু আমি
ভেদাভেদ এৰি
বঢ়াওঁ অসমীৰ মহান একতাক ----
নাগধাৰী শিৱ আমাৰো ভগৱান
খাচী আৰু আমি
ভেদাভেদ এৰি
বঢ়াওঁ অসমীৰ মহান একতাক ----
কৃষ্ণ গৰখীয়াই বায় বাঁহী
খাচী গৰখীয়াই বায় শ্বৰাতি
দুয়োটি বাঁহী
বাহৰে বাঁহী
দুয়ো প্ৰকাশে একেটি সুৰক -----
হে হে হে ঢোলে ডগৰে -----
(যুগুতালে:: বিজয় বৰ্মন , বৰপেটাৰোড)
খাচী গৰখীয়াই বায় শ্বৰাতি
দুয়োটি বাঁহী
বাহৰে বাঁহী
দুয়ো প্ৰকাশে একেটি সুৰক -----
হে হে হে ঢোলে ডগৰে -----
(যুগুতালে:: বিজয় বৰ্মন , বৰপেটাৰোড)
0 comments:
Post a Comment