পুৰবী দুগ্ধ দিৱসত মুখ্যমন্ত্ৰী সোণোৱাল ::দুগ্ধ বিপ্লৱত গুৰুত্বপূৰ্ণ

অসমৰ ভৱিষ্যৎ গ্ৰাম্য অৰ্থনীতিৰ ওপৰত নিৰ্ভৰশীল । গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ জৰিয়তে আমাৰ ৰাজ্যখনৰ বিকাশৰ গতি অধিক ত্বৰান্বিত কৰিব লাগিব । কালি শ্ৰীমন্ত শংকৰদেৱ আৰ্ন্তজাতিক প্ৰেক্ষাগৃহত "পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডে" আয়োজন কৰা পূৰবী দুগ্ধ দিৱসত অংশগ্ৰহন কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী সোণোৱালে।

মুখ্যমন্ত্ৰীয়ে লগতে কয়-- দুগ্ধ উৎপাদনৰ জৰিয়তে আমাৰ ৰাজ্যখনত গো-পালনৰ দ্বাৰা অগ্ৰণী ভূমিকা লোৱাৰ যথেষ্ট অৱকাশ আছে । গো-পালন আমাৰ সামাজিক পৰম্পৰা আছিল । কিছু বছৰৰ পৰা গো-পালনত মনোনিবেশ নকৰা বাবে ৰাজ্যৰ জনসাধাৰণে বাহিৰৰ পৰা গাখীৰ আমদানি কৰি খাবলগীয়া হৈছে ।

আমাৰ ৰাজ্যখনে প্ৰতিদিনে দুই লক্ষ লিটাৰ গাখীৰ বাহিৰৰ পৰা আমদানি কৰিবলগা হয় । আমি যদি সকলোৱে দৃঢ় সংকল্প লও তেন্তে প্ৰয়োজনীয় গাখীৰ অসমতে উৎপাদন কৰিব পৰা যাব আৰু আমাৰ শিশু সকলে ভাল গাখীৰ খাই সু-স্বাস্থ্যৰ গৰাকী হ'ব ।

বৰ্তমান অসমত প্ৰতিদিনে ৫০ হাজাৰ লিটাৰ গাখীৰ উৎপাদন হয়, সেইটো আগন্তুক দহ বছৰত ৫ লক্ষ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য স্থিৰ কৰি কামত অগ্ৰসৰ হ'ব লাগিব ।

Share on Google Plus

About Unknown

0 comments:

Post a Comment