আইছিছৰ লগত সম্পৰ্ক অসমৰ যুৱকৰ :: তদন্ত আৰম্ভ

অসমৰ যুৱকো এতিয়া সোমাই পৰিছে বিশ্বত্ৰাস আইছিছৰ নেটৱৰ্কত। সংগঠনটোৰ লগত সম্পৰ্ক ৰক্ষা কৰি অহা ভাৰতীয় যুৱকৰ ১২ জনীয়া দলটোৰ লগত অসমৰ এজন যুৱকৰ সম্পৰ্ক থকাৰ তথ্য পোহৰলৈ আহিছে । পশ্চিম বঙ্গ আৰক্ষীয়ে যোৱা মঙ্গল বাৰে বৰ্ধমানৰ পৰা গ্ৰেপ্তাৰ কৰা মচিৰুদ্দিন ওৰফে মুসাক(২৫) নামৰ যুৱকজনক জেৰা কৰোতে এই কথা ওলাই পৰিছে । আৰক্ষীয়ে তদন্তৰ খাতিৰত যুৱক জনৰ নাম প্ৰকাশ কৰিব নাই যদিও অসমৰ আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সহায়ে এই কথা স্বীকাৰ কৰিছে আৰু তদন্ত চলাই থকা বুলি জানিবলৈ দিছে ।

Share on Google Plus

About Unknown

0 comments:

Post a Comment