আজি বাংলাদেশ চৰকাৰে ভাৰতীয় জাকিৰ নাইকৰ পিছ টিভিৰ সম্প্ৰচাৰ বন্ধ কৰি দিছে বুলি PTI ৰ এক বাতৰিত প্ৰকাশ । বাংলাদেশৰ উদ্যোগ মন্ত্ৰী আমিৰ হুছেইন অমুৰ সভাপতিত্বত অনুষ্ঠিত এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। উক্ত বৈঠকত বাংলাদেশৰ কেবাজনো মন্ত্ৰী আৰু উচ্চপদস্থ বিষয়া উপস্থিত থাকে। আনহাতে ভাৰতবৰ্ষতো National Intelligence Bureau Agency (NIA), Intelligence Bureau (IB) আৰু অন্যান্য সংস্থাইও নাইকৰ বিভিন্ন কাৰ্য্যকালাপ আৰু বক্তব্য পৰীক্ষা কৰি আছে বুলি এক সূত্ৰত প্ৰকাশ । কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰা মতে-- চাৰিও দলে তেওঁৰ বক্তব্যৰ চিডি আৰু ভিডিঅ ফুটেজ পৰীক্ষাৰ বাবে গঠন কৰা হৈছে । আনহাতে তিনিটা দল তেওঁৰ সামাজিক দিশ আৰু দুটা দলে তেওঁৰ চ'চিয়েল মিডিয়াৰ পোষ্টবোৰ নিৰীক্ষণ কৰিবৰ বাবে গঠন কৰা হৈছে । Times of Indiaৰ এক বাতৰি মতে ভাৰতবৰ্ষতো তেওঁৰ টিভিৰ সম্প্ৰচাৰ বন্ধ অতি শীঘ্ৰে বন্ধ হব পাৰে আৰু এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে আইনগত দিশবোৰ চোৱাচিতা কৰি আছে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment