পৰিস্কাৰ হব লাগিব সকলো চহৰ:: সোণোৱাল

ৰাজ্যৰ পৌৰসভা আৰু নগৰ সমিতি সমূহে প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযান আঁচনি ক্ষিপ্ৰ আৰু নিশ্চিত ভাৱে কৰিব লাগিব ।ৰাজ্যৰ প্ৰতিখন নগৰ চহৰ সুন্দৰ , নিকা আৰু সেউজীয়া হব লাগিব --- এই নিৰ্দেশনা মুখ্যমন্ত্ৰী সোণোৱালৰ। ৰাজ্যৰ বিজেপিৰ দখলত থকা ২২ খন পৌৰসভা আৰু ২৩ খন নগৰ সমিতিৰ সভাপতি আৰু উপ সভাপতি সকলৰ গুৱাহাটীত অনুষ্ঠিত এখনি সভাত উপস্থিত থাকি সোণোৱালে প্ৰতিনিধি সকলৰ পৰা তেওঁলোকৰ অভাৱ অভিযোগ সমূহ বুজি লয়। সভাত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগত ১৫ বছৰে বন্ধ হৈ থকা উন্নয়ন পুজি আৰু কৰ্মচাৰীৰ দৰমহা ১৫ দিনৰ ভিতৰত মোকলাই দিব বুলি জানিবলৈ দিয়ে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment