অৱশেষত হিন্দুস্তান কাগজ নিগমৰ মুখ্য কার্যালয় কলকাতাৰ পৰা অসমলৈ স্থানান্তৰ হ’ব৷ কাগজ নিগমৰ মুখ্য কার্যালয় কলকাতাত থকাৰ ফলত অসমত থকা দুটা কাগজ কল সু-পৰিচালনা হোৱা নাছিল৷ যাৰ ফলত কল দুটাৰ উৎপাদন বন্ধ হৈ পৰিছিল৷ দীর্ঘদিনীয়া দাবীৰ অন্তত কাগজ নিগমৰ মুখ্য কার্যালয় গুৱাহাটীলৈ স্থানান্তৰ হ’ব৷ হিন্দুস্তান কাগজ নিগমৰ মুখ্য কার্যালয় স্থানান্তৰ হোৱাৰ কথা আজি উদ্যোগ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে হিন্দুস্তান কাগজ নিগমৰ কাগজ কল দুটা জাগীৰোড আৰু কাছাৰ জিলাৰ পাঁচগ্রামত আছিল৷ দুয়োটা কাগজ কলেই বন্ধ হৈ পৰাত তাত কর্মৰত কর্মচাৰী, শ্রমিকসকলে দৰমহা পোৱা নাছিল৷ গুৱাহাটীলৈ মুখ্য কার্যালয় স্থানান্তৰ হোৱাৰ পাছত কল দুটা সু-পৰিচালনাৰে পুনৰুজ্জীৱিত হৈ পৰিব৷ পাটোৱাৰীয়ে আৰু কয় যে মুখ্য কার্যালয়ৰ বাবে উলুবাৰীত থকা অভ্যন্তৰীণ জল পৰিবহণৰ কার্যালয়ৰ প্রথম মহলাটো বিনা ভাৰাই ব্যৱহাৰ কৰিবলৈ দিয়া হ’ব৷ দুয়োটা কল উৎপাদনেৰে লাভজনক হোৱাৰ পাছতহে নিগমৰ পৰা ভাৰা লোৱা হ’ব৷
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment