কথাৰে নহয় কামেৰেহে পৰিচয় দিম::মুখ্যমন্ত্রী সোণোৱাল



‘সততা আৰু নিষ্ঠাৰেহে মানৱতা ৰক্ষা কৰিব পাৰি৷ হৰিদেৱৰ বাণীৰে আমি আগবাঢ়ি যাব লাগিব৷ প্রকৃতার্থত এখন সমাজক আগবঢ়াই নিবলৈ হ’লে সমন্বয়ৰ প্রয়োজন৷ সমন্বয় অবিহনে ৰাষ্ট্র শক্তিশালী হ’ব নোৱাৰে৷’ এই মন্তব্য অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷ আজি নলবাৰী জিলাৰ টিহু হাইস্কুলৰ খেলপথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত উত্তৰ-পূব ভাৰত হৰিদেৱ সংঘৰ ৪০সংখ্যক দ্বি-বার্ষিক টিহু অধিৱেশনৰ বিয়লি অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে অংশ লৈ মুখ্যমন্ত্রী সোণোৱালে আৰু কয় যে কঠোৰ পৰিশ্রমৰ জৰিয়তেহে ৰাজ্যখনৰ পৰিৱর্তন সম্ভৱ হ’ব৷ দুর্নীতিৰ সন্দর্ভত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে দুর্নীতিৰ বিৰুদ্ধে আমি ঐক্যবদ্ধভাৱে থিয় দিব পাৰিলেহে সমাজৰ প্রতিটো স্তৰৰ পৰা দুর্নীতি আঁতৰ হ’ব৷ সন্ত্রাসবাদমুক্ত দুর্নীতিমুক্ত, বিদেশী মুক্ত ৰাজ্য হিজনম চাপে গঢ় দিয়াৰ প্রতিশ্রুতি দোহাৰি মুখ্যমন্ত্রীগৰাকীয়ে ভাষণত কয় যে হৰিদেৱ, শংকৰদেৱ আদি গুৰুসকলৰ মহান বাণী গ্রহণ কৰিলেহে আমাৰ সমাজে মূৰ দাঙি চলি ফুৰিব পাৰিব৷ দুর্নীতিৰ বিৰুদ্ধে যুঁজখন তীব্র কৰি তোলাৰ প্রসংগ উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয়– ঘোচ নলওঁ, ঘোচ নিদিওঁ, বুলি প্রত্যেকেই বদ্ধপৰিকৰ হ’ব লাগিব৷’ তদুপৰি, দৰিদ্র ৰাইজৰ ধন যাতে মধ্যভোগীয়ে হস্তগত কৰিব নোৱাৰে তাৰ প্রতি চোকা দৃষ্টি ৰাখিব বুলি মুখ্যমন্ত্রীগৰাকীয়ে ভাষণত সদৰী কৰে৷ ইফালে, সাংবাদিকৰ সৈতে হোৱা এক বার্লাপত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ মন্তব্যৰ প্রতিক্রিয়া প্রকাশ কৰি কয়– ‘কথাৰে নহয় বন্ধু কামেৰেহে আমি পৰিচয় দিম৷’ প্রাক্তন মন্ত্রী অকণ বৰাক দুর্নীতি নিবাৰক শাখাই কৰা জেৰা সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি কয়, ‘আমি ৰাইজে দিয়া নির্দেশ মানি চলি যাম৷’ উল্লেখযোগ্য যে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে সর্বাৰ চৰকাৰৰ কাম-কাজক কইনাৰ লাজুক লাজুক খোজেৰে আগবঢ়া বুলি কটাক্ষ কৰিছিল৷[দৈনিক জনমভূমিৰ সৌজন্যত ]


Share on Google Plus

About Unknown

0 comments:

Post a Comment