মেট্র’ ৰে’ল সেৱাৰ কাম গুৱাহাটীত আৰম্ভ হ’ব শীঘ্র :: মন্ত্রী চন্দ্রমোহন

পূর্বৰ কংগ্রেছ চৰকাৰে গ্রহণ কৰা মেট্র’ ৰে’ল সেৱা প্রকল্পৰ কাম আৰম্ভ কৰি গুৱাহাটীক যান-জঁটৰ পৰা মুক্ত কৰিবলৈ সাজু হৈছে সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰ৷  দিছপুৰত অনুষ্ঠিত কেবিনেট বৈঠকত মেট্র’ ৰে’ল সেৱা বাস্তৱায়িত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ প্রথম পর্যায়ত এই মেট্র’ ৰে’ল সেৱাবৰঝাৰৰ বিমান বন্দৰৰ পৰা নাৰেংগীলৈ আৰম্ভ কৰা হ’ব৷ পাছত এই সেৱা নাৰেংগীৰ পৰা উত্তৰ গুৱাহাটীলৈ সংযোগ হ’ব৷ পৰৱর্তী পর্যায়ত মেট্র’ ৰে’ল সেৱা কামাখ্যা-খানাপাৰা, সোণাপুৰ, নলবাৰী, ছয়গাঁৱলৈ সম্প্রসাৰিত হ’ব৷ ৰাজ্য চৰকাৰে মেট্র’ ৰে’ল সেৱাৰ কাম আৰম্ভ কৰিবলৈ এই সিদ্ধান্ত কেবিনেটে গ্রহণ কৰাৰ কথা  সদৰী কৰিছে পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে৷ কেবিনেট বৈঠকৰ পাছতে সংবাদ মাধ্যমৰ আগত মন্ত্রী পাটোৱাৰীয়ে কয় যে এই প্রকল্পৰ বাবে ১৮ হাজাৰ কোটি টকাৰ আৱশ্যক হ’ব৷ তেওঁ আৰু কয় যে কংগ্রেছ চৰকাৰৰ সময়ত মেট্র’ ৰে’ল সেৱাৰ আধাৰশিলাহে স্থাপন কৰা হৈছিল কিন্তু অনুমোদন হোৱা নাছিল৷ এই প্রকল্পই এতিয়া আনুষ্ঠানিকভাৱে গতি পালে৷
Share on Google Plus

About Unknown

0 comments:

Post a Comment