নৱবৰ্ষৰ প্ৰথম দিনাই পেট্ৰ’লত ১.২৯ ডিজেলত ০.৯৭ টকা মূল্যবৃদ্ধি


দেশবাসীলৈ ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনাই নিৰাশাজনক খবৰ। দেওবাৰে মাজনিশাৰ পৰাই কার্যকৰী হােৱাকৈ প্রতি লিটাৰ পেট্ৰ’লৰ মূল্য ১.২৯ আৰু ডিজেলৰ ০.৯৭ টকা বৃদ্ধি কৰা হৈছে। আন্তঃৰাষ্ট্রীয় বজাৰত খাৰুৱা তেলৰ মূল্য আৰু মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ তাৰতম্যক লৈ প্রতিমাহত দুবাৰকৈ ইন্ধনৰ মূল্য পর্যালোচনা কৰা প্রক্রিয়া মতে আজি আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি আৰু পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰে ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহে। একেদৰে কেন্দ্ৰই বিমানৰ ইন্ধন আৰু ৰাজসাহায্যপ্রাপ্ত চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰাে সিদ্ধান্ত লৈছে। এই অনুসৰি ৰাজসাহায্য প্রাপ্ত প্ৰতিটাে চিলিণ্ডাৰৰ মূল্য দুটকালৈ আৰু বিমানৰ ইন্ধন ৮.৬ শতাংশলৈ বৃদ্ধি পায়।
Share on Google Plus

About Unknown

0 comments:

Post a Comment