আত্মাৰ এটা অৱস্থানৰ নামেই কবিতা::




 আনিছ উজ জামান :::

মানুহৰ প্রেম, ভালপোৱা, মানসিক স্বাধীনতা আৰু বিবেকৰ যাত্রা কেৱল কবিতায়েই বহন কৰিব পাৰে৷ কবিতাৰ মহত্ত্ব হূদয় আৰু শব্দৰ ওপৰত নির্ভৰশীল৷ হূদয়ক পিন্ধাই খোৱাই সযতনে ৰাখিব পৰা ক্ষমতা কবিতাৰ মাজতহে থাকে৷ যুগে যুগে কবিতাই সেই দায়িত্ব পালন কৰি আহিছে৷ সৰু কবি ডাঙৰ কবি, দীঘল কবিতা, চুটি কবিতাৰ সংজ্ঞা কেৱল কবিয়েযে দিব পাৰে৷ পাঠকৰ উন্মুক্ত মনৰ পৰিধিত এনেধৰণৰ ঘটনাবোৰে ক্রিয়া কৰি থাকে৷ সেইবাবেই কবিতাৰ পাঠক সন্দেহাতীতভাৱে সচেতন আৰু শক্তিশালী৷ তেওঁলোকে কেতিয়াবা কবিতা বেয়া পালেও কবিজনৰ প্রতি উদাসীন৷ ‘কোনো এটা জাতিৰ বোধ-অনুভূতিৰ নির্ভুল আৰু সম্পূর্ণ সম্ভেদ দিব পৰা ক্ষমতা সম্ভৱতঃ কবিতাৰ বাহিৰে আন কোনো কলাৰ নাই... কবিতা মহৎ আৰু Serious শিল্প৷ কবিতা লিখা আৰু লিখি থকাটোও যথেষ্ট টান আৰু গুৰুতৰ কথা৷’ (দ্রষ্টব্য : নীলমণি ফুকন : মোৰ কবিতা নেপথ্যৰ কথা) মানৱ জাতিৰ কল্যাণৰ বাবেই আজি শ শ বছৰ ধৰি কবিতাই নিজৰ অস্তিত্ব আৰু ভাবনাবোধ হেৰুৱাই পেলোৱা নাই৷ নোবেল বঁটা বিজয়ী বিশ্ব কবি অক্টাভিঅ’ পাজে মানৱতাৰ কল্যাণ আৰু মূল্যবোধৰ বিষয়টো কবিতাত সর্বাগ্রে গ্রাহ্য বিষয় বুলি উল্লেখ কৰিছে৷ তেওঁ কৈছে Poetry, the best poetry is a conduct, it expresses itself in acts. It is an image come to life (Taller, July, 1939). কবিৰ কণ্ঠ সদায় মন আৰু হূদয় জাগ্রত কৰা৷ মানুহক ভালপোৱা ভাষাটো কবিৰ দ্বিতীয় ভাষা আৰু এই ভাষাটো কবিতাৰ আঁৰত লুকাই থাকে৷ মানুহৰ দুখ-যন্ত্রণা, হঁাহি-কান্দোনৰ মাজত নিজক বিলিয়মান কৰিব পৰাটোৱেই প্রকৃত কবিৰ লক্ষণ, (মানুহৰ লগত সম্পর্ক নথকা কবিতাই শব্দ কৰিব পাৰে, গান গাব নোৱাৰে– নেৰুডা) এনে যন্ত্রণা আৰু আনন্দৰ মাজত থাকোঁতে থাকোঁতে কবিয়ে কেতিয়াবা নিজৰ অস্তিত্বকে হেৰুৱায়৷ কবিৰ আত্মাৰ সৌন্দর্য আৰু কোমলতাৰ কথা পাবল’ নেৰুডাৰ... লর্ সম্পর্কত কোৱা কথাখিনি সদায় মনত পৰে৷ তেওঁ কৈছিল– ‘লর্ লাৱণ্য আৰু প্রতিভাৰ সংমিশ্রণ, ডেউকাত ভৰ দিয়া পাতল হিয়া আৰু ফটিকৰ দৰে ফটপটীয়া পানীৰ জলপ্রপাত তেওঁৰ কবিতাত যেনেকৈ সানমিহলি হৈছিল আন কোনো কবিৰ কবিতাত তেনে হোৱা মই দেখা নাই৷ (What a poet! I have never seen grace and genious a winged heart and crystalline waterfall, come together in anyone else as they did in him, Fraderico Garcia Lorca, was the extravegant 'duende' he was a magtetic joyfulness that generated a zeast for life in his heart and rediated it like a planet) কথাখিনিয়ে আমাকেই নহয় সমসাময়িক আৰু নতুন প্রজন্মৰ সকলো কবিকেই উৎসাহিত কৰিব বুলিয়েই উল্লেখ কৰিলোঁ৷ এনে ক্ষেত্রত বংগৰ আন এজন প্রসিদ্ধ কবি আৰু সমালোচক বুদ্ধদেৱ বসুৱে বোদলেয়াৰ সম্পর্কত কৈছিল, তেওঁ বুজিছিল যে কবি বক্তা বা প্রবক্তা নহয়, দ্রষ্টা, অর্থাৎ বিশ্বজগতত লুকাই থকা সম্বন্ধসমূহৰ আৱিষ্কাৰক, তেওঁৰ স্বকীয় আৰু অনন্য দৃষ্টিৰ কাষত একান্ত আৰু বিনীতভাৱে আত্মসমর্পণ কৰা তেওঁৰ স্বধর্ম৷ কাৰণ ‘আত্মাৰ এটা অৱস্থাৰ নামেই কবিতা’৷ কবিতাৰ কলাসুলভ চৰিত্রটো কবিতাৰ মূল্যবোধৰ অন্বেষণৰ লগত জড়িত৷ কলাৰ সংবেদনশীলতাই পাঠকৰ ইন্দ্রিয়ানুভূতিক সদায় সক্রিয় কৰি থয়৷ সকলো শিল্পৰ লক্ষ্য এটাই৷ এটা কথা আমি সদায় মনত ৰাখিব লাগিব যে ভাষাৰ কথিত ৰূপটোৰ প্রতি কবিৰ কৌতূহল আটাইতকৈ বেছি৷ তেওঁৰ শব্দৰে যি ছবিকেই মানুহৰ হিয়াত অংকিত কৰিবলৈ নিবিচাৰক তাত কথিত ৰূপ আৰু ব্যঞ্জনাক গুৰুত্ব দি আহিছে৷ তেওঁ লাগিলে দেশীয়েই হওক কিম্বা মহাদেশীয়৷ কাব্য আকাশত কবিৰ মানসিক ভ্রমণৰ কোনো সীমাৰেখা নাথাকে৷ নান্দনিক চেতনাৰ পৰা ধর্ম-তত্ত্ব দর্শনলৈকে কবিতাই অনায়াসে ভ্রমণ কৰিব পাৰে৷ তেওঁলোকৰ ভাবনাৰ থলী অসীম সমুদ্র৷ তেওঁলোকৰ মননশীল দৃষ্টি পাহাৰৰ ওপৰত, জয়াল অৰণ্যত, উৰি যোৱা চৰাই জাকৰ সু-শৃংখলিত গতিত, নদী প্রৱাহত, নিঃসংগ সময়ৰ স্তব্ধতাত, কোলাহল অথবা নির্জনতাত৷ আত্মাৰ অভ্যন্তৰৰ পৰা উদ্ভূত সৃষ্টিশীল প্রেৰণাৰ বাবেই তেওঁলোকে অনুভৱ কৰে, ভাবে, লিখে আৰু হাবিয়াস কৰে৷ প্রতিগৰাকী কবিৰে সুখী হোৱাৰ অধিকাৰ থাকে যেতিয়ালৈকে তেওঁলোক মানুহৰ সুখ-দুখত একাত্ম হৈ পৰে৷ কাৰণ কবিতা মানুহৰ গভীৰতম অনুভূতি সূক্ষ্মতম প্রকাশ৷ ‘সাহিত্য-সংগীত-নৃত্য-কাব্য-চিত্র-কলাৰ মাজেদিও আমাৰ অন্তৰৰ ক্ষুদ্র ‘মই’টো সম্প্রসাৰিত হৈ অসীম অনন্ত, বিৰাট ‘মই’ৰ লগত এক হোৱাৰ উপলব্ধি হয়৷ সংকীর্ণতাৰ মাজত উকমুকনি লগা মানৱ সমাজে বোধ কৰো তাড়নাতে ঈশ্বৰক বিচাৰি ল’ব লগা হৈছিল৷ (ধর্ম বোলোতে মই কোনো আনুষ্ঠানিক ধর্মৰ কথা কোৱা নাই)৷ জৈৱিক প্রয়োজনত সীমাবদ্ধতাত অতিষ্ঠ হৈ মানুহে চিত্র-ভাস্কর্য-নৃত্য-সংগীতৰ প্রথম পাঠ আৰম্ভ কৰিছিল৷ সেই কাৰণেই কবিতা, কাব্য, সুকুমাৰ কলা আমাৰ উমৈহতীয়া সম্পত্তি, আমাৰ প্রয়োজনৰ কাৰণে আমাৰ পৰাই সৃষ্ট’৷ (দ্রষ্টব্য : 1978 খ্রীষ্টাব্দৰ সাহিত্য সভাৰ কবি সন্মিলনৰ গোলাঘাট অধিৱেশনৰ ভাষণ, মহিম বৰা)৷ মানসিক স্বাধীনতা কবিতাৰ মূল মন্ত্র৷ তাৰ ওপৰত নির্ভৰ কৰিয়েই কাব্য সৃষ্টিৰ সসীমৰ বাটেৰে কবিয়ে গতি কৰে৷ প্রতিগৰাকী কবিৰ কবিতাৰ সংজ্ঞা নিজা আৰু মনৰ ধী-শক্তিৰ লগত সম্পর্কিত৷ এই স্বকীয়তা এৰি আন বাটেৰে যাত্রা কৰিলেই ছন্দই নিজৰ ৰূপ হেৰুৱায়৷ কবিতাৰ শব্দ, ভাষা, চিত্র কল্প কবিজনৰ নিজৰ আৱর্তত ঘূৰে৷ মনৰ অসাধু অৱস্থা আৰু অশুদ্ধ ভাবনাবোধে কবিতাৰ সংযমতাক ক্ষতি কৰে৷ দুখ, যন্ত্রণা, প্রেম-আনন্দ উন্মাদনাৰ সকলো প্রকৰণ কবিতাৰ শব্দৰ মাজত গুঞ্জৰিত হৈ থাকে৷ ‘হূদয়েৰ ভাব প্রকাশ কৰিবাৰ জন্য মানুস যে কত’ ব্যাকুল তাহা বলিয়া শেষ কৰিয়া যাইনা৷ হূদয়েৰ ধর্মই এই, সে নিজেৰ ভাবটিকে অন্যেৰ ভাব কৰিয়া তুলিতে পাৰিলে তবে বাচিয়া যায়৷ অথচ কাজটি অত্যন্ত কঠিন বলিয়া তাৰ ব্যাকুলতা অত্যন্ত বেছি (সৌন্দর্যয আৰু সাহিত্য– ৰবীন্দ্র নাথ ঠাকুৰ)৷’ মই অসমীয়া সাহিত্যৰ তথা কাব্যৰ বিষয়ে ক’বলৈ ওলালে মহান ভাৰতীয় ঐতিহ্যৰ সৈতে ইয়াৰ সংগতি ৰাখিব লাগিব বুলি বিশ্বাস কৰোঁ, কাৰণ বেলেগ বেলেগ সময়ত ভাৰতৰ আন ঠাইবোৰত খলকনি তোলা চিন্তাৰ ঢৌবোৰ অসমতো সোমাইছে৷ এই প্রসংগত কেৱল এটা উদাহৰণ দি ক’ব খোজোঁ যে আমাৰ মহাপুৰুষ দুজনাৰ অমূল্য কাব্যকৃতি মহান ভাৰতীয় চিন্তাধাৰাৰ ঐতিহ্যৰ সৈতে সম্পর্কিত৷ অসম ভূমিত কবিতাই বিভিন্ন সম্প্রদায়ৰ মাজত সম্প্রীতিৰ ভাব জাগ্রত কৰি ৰাখিছে৷ ‘ভাৰতীয় বৈষ্ণৱ কাব্য আৰু ভাৱধাৰাৰ ওপৰত ফার্চী, চুফী কাব্য আৰু ভাবধাৰা কিমানখিনি পৰিছিল সি সুকীয়া আলোচনাৰ কথা৷ কিন্তু মধুৰ ৰসৰ ভক্তিমার্গৰ পথত যে চুফী দর্শনে কিছু প্রভাৱ পেলাইছিল সেই কথা প্রমাণ কৰা কঠিন নহয়৷’ (অসমীয়া জিকিৰ আৰু জাৰি– চৈয়দ আব্দুল মালিক)৷ এইখিনিতে কাব্যৰ স্থায়িত্ব সম্পর্কত বাৰশ শতিকাৰ মহান চুফী কবি জালালুদ্দিন ৰুমীৰ এষাৰ কথা কাব্যৰসিকৰ বাবে স্মৰণীয় ‘আমাৰ মৃত্যুৰ পাছত আমাক মাটিৰ তলত নিবিচাৰিবা, আমাৰ পীঠস্থান মানুহৰ হূদয়তেই আমাক পাবা৷’ বর্তমান সময়ত অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ মাজত কোনোবাই হয়তো অবিশ্বাস্য সংঘাত এটা বিচাৰি পাব পাৰে, কিন্তু অসমীয়া সাহিত্যৰ মূল ধাৰণাটোক প্রতিনিধিত্ব কৰা লোকসকলে এতিয়া আমাৰ অন্যান্য থলুৱা জনগোষ্ঠীবোৰৰ মাজত লুকাই থকা সংস্কৃতিৰ মণি-মুকুতাবোৰ সাদৰেৰে সঞ্জীৱিত কৰি তোলাৰ ক্ষেত্রত বেছি আগ্রহান্বিত হৈ উঠিছে বুলি মই বিশ্বাস কৰোঁ৷ নতুন প্রজন্মৰ কবি আৰু শিল্পীসকলে সেই কথা বুজি তেওঁলোকৰ অধ্যয়নৰ প্রক্রিয়াটো সলনি কৰি লোৱাটো উচিত বুলি মই ভাবোঁ৷ তেওঁলোকে লাহে লাহে বুজিও উঠিছে যে মহান লুইতখনে ইয়াৰ গতিময়তাৰ মাজত কেৱল পানীখিনি লৈয়েই থকা নাই৷ ইয়াৰ দুয়োপাৰত থকা পলসুৱা গীত-মাতৰ সমৃদ্ধ সংস্কৃতিৰ বোজাও বহন কৰি আছে৷ যুগোপযোগী কবিতাৰ প্রৱাহক আমি প্রতিপালন কৰি জীয়াই ৰাখিব লাগিব আৰু তাৰ মাধ্যমেৰে পাঠকৰ সহানুভূতিক আকৃষ্ট কৰিব লাগিব৷[দৈনিক জনমভূমিৰ সৌজন্যত ]

Share on Google Plus

About Unknown

1 comments: