অসম সাহিত্য সভা নিজৰ দখলত ৰাখিবলৈ পৰিকল্পিত ৰণকৌশল আৰম্ভ কৰিছে বিতর্কিত প্রধান সম্পাদক ড° পৰমানন্দ ৰাজবংশীয়ে। সভাপতি ড° ধ্ৰুৱজ্যোতি বৰাই পদত্যাগ কৰাৰ পিছত উদ্ভৱ হােৱা পৰিস্থিতিৰ পর্যালোচনাৰ বাবে শনিবাৰে অনুষ্ঠিত হৈছিল সভাৰ কৰ্ণধাৰ কমিটীৰ বৈঠক। এই বৈঠকে সভাপতি ড° বৰাক তিনি জানুৱাৰীৰ ভিতৰত পদত্যাগ পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায়। অৱশ্যে দেওবাৰে পদত্যাগী সভাপতি ড° ধ্ৰুৱজ্যোতি বৰাই তেওঁৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ কথা নাই বুলি স্পষ্ট কৰি দিয়ে। ইফালে, সভাপতিৰ পদত্যাগৰ পিছতে সভাৰ উপ-সভাপতিক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অপণ কৰাৰ কৌশল ৰচনা কৰিছে। সভাৰ উপ-সভাপতি ড° পৰাগ ঠাকুৰেও পদত্যাগ কৰিব বুলি প্রথমতে ঘোষণা কৰিছিল যদিও এইপৰ্যন্ত আনুষ্ঠানিকভাৱে পদত্যাগ-পত্ৰ দাখিল কৰা নাই। ইতিমধ্যে প্রধান সম্পাদক ড° ৰাজবংশীয়ে ড° ঠাকুৰক বর্তমান ভাৰপ্রাপ্ত সভাপতিৰূপে দায়িত্ব দি পৰৱতী সময়ত স্থায়ী সভাপতি হিচাপে নির্বাচিত কৰাৰ বাবে প্ৰক্ষেপ কৰা হ’ব বুলি সভাত থকা তেওঁৰ অনুগত বাহিনীক জানিবলৈ দিছে। সভাৰ কাৰ্যনির্বাহক সমিতিৰ গৰিষ্ঠসংখ্যক সদস্যই ড° পৰমানন্দ ৰাজবংশীৰ পক্ষত থকাত আঠ জানুৱাৰীত আয়ােজিত বিশেষ প্রতিনিধি সভাখনো তেওঁৰ নির্দেশতে পৰিচালিত হ’ব বুলি জানিব পৰা গৈছে। বিতর্কিত প্রধান সম্পাদকজনে ৰচনা কৰা কৌশল অনুসৰি প্রতিনিধি সভাত সভাপতিৰ পদত্যাগ-পত্ৰ গৃহীত কৰাৰ পিছত নতুন সমিতি গঠন নোহােৱা পর্যন্ত উপ-সভাপতি ড° পৰাগ ঠাকুৰক ভাৰপ্রাপ্ত সভাপতি হিচাপে কাৰ্যনির্বাহ কৰি যাবলৈ প্রতিনিধি সভাই প্রস্তাৱ গৃহীত কৰিব। তাৰ পিছত নতুন নির্বাচন কমিটীয়ে পৰৱতী সভাপতিৰূপে ভাৰপ্রাপ্ত সভাপতি আৰু প্রধান সম্পাদকৰূপে ড° পৰমানন্দ ৰাজবংশীৰ নাম পেনেলভুক্ত কৰিব। ইতিমধ্যে প্রধান সম্পাদক ড° ৰাজবংশীয়ে এই পৰিকল্পনা চূড়ান্ত কৰিছে বুলি জানিব পৰা গৈছে। অসম সাহিত্য সভাৰ মজিয়া পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰা বিতর্কিত প্রধান সম্পাদকজনে নিজৰ অনুগত বাহিনীক লগত লৈ সভা পুনৰ দখল অভিযানত পূৰ্ণগতিত নামি পৰা বিষয়টােৱে বৌদ্ধিক মহলত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
অসম সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি হ’ব ড° পৰাগ ঠাকুৰ :: ড° পৰমানন্দ ৰাজবংশীৰ নতুন কৌশল

0 comments:
Post a Comment