কন্যা হত্যাৰ গোচৰত কাৰাবন্দী হৈ থকা ইন্দ্ৰাণী মুখাজীয়ে তেওঁৰ প্ৰয়াত পিতৃ উপেন্দ্ৰ কুমাৰ বৰাৰ শ্ৰাদ্ধ মঙলবাৰে মুম্বাইত সম্পন্ন কৰে। পিতৃৰ মৃত্যুৰ খবৰ ইন্দ্ৰাণী মুখাজীক এদিনৰ বাবে জামিনৰ ব্যৱস্থা কৰি দিয়ে।

১৫ ডিচেম্বৰত ইন্দ্ৰাণীৰ পিতৃ উপেন্দ্ৰ কুমাৰ বৰাৰ গুৱাহাটীৰ বাসগৃহত মৃত্যু হয়। কাৰাগাৰ কর্তৃপক্ষই ইন্দ্ৰাণীক তেওঁৰ পিতৃৰ মৃত্যুৰ খবৰ দিয়াত ইন্দ্ৰাণীৰ অধিবক্তাই ১৯ ডিচেম্বৰত আদালতৰ কাষ চাপি ইন্দ্ৰাণীক শেষকৃত্যৰ বাবে গুৱাহাটীলৈ যাবলৈ অনুমতি দিয়াৰ আৱেদন জনায়। বিশেষ আদালতৰ বিচাৰক এইচ এছ মহাজনে দীঘলীয়া জামিনৰ পৰিৱর্তে কেৱল ২৭ ডিচেম্বৰৰ দিনটােৰ বাবে জামিনৰ অনুমতি দিয়ে। ফলত ইন্দ্ৰাণী মুখাজীয়ে মুম্বাইতে তেওঁৰ প্ৰয়াত পিতৃৰ শ্ৰাদ্ধ সম্পন্ন কৰে। পুৱা ৭.৩০ বজাত তেওঁ আৰক্ষীৰ বেষ্টনীত বাইকুল্লা কাৰাগাৰৰ পৰা ওলাই আহি মুম্বাইৰ মুলুগুস্থিত ব্ৰাহ্মণ সেৱা সমিতিৰ গৃহলৈ যায় আৰু তাতে তেওঁ পিণ্ডদানকে ধৰি শ্ৰাদ্ধৰ কাম-কাজ সম্পন্ন কৰে। উল্লেখ্য, ইন্দ্ৰাণী মুখাজী সম্প্রতি মুম্বাইৰ বাইকুল্লা কাৰাগাৰত কন্যা শ্মীনা বৰাৰ হত্যাৰ গোচৰত বন্দী হৈ আছে। দেশৰ এসময়ৰ মিডিয়া বেৰন পিটাৰ মুখাজীৰ পত্নী ইন্দ্রাণী মুখাজীৰ প্রকৃত ঘৰ গুৱাহাটীৰ জু-ৰােডৰ সুন্দৰপুৰত। পিটাৰ মুখাজীক বিয়া কৰােৱাৰ পূর্বে ইন্দ্রাণীয়ে আন দুজন ব্যক্তিক বিয়া কৰাইছিল। তেওঁৰ প্রথম পক্ষৰ স্বামীৰ সন্তান আছিল শ্মীনা বৰা। শ্মীনা বৰাক ইন্দ্ৰাণীয়ে তেওঁৰ গাড়ীৰ চালক শ্যামবৰ ৰাই আৰু দ্বিতীয় স্বামী সঞ্জীৱ খান্নাৰ সহায়ত ডিঙি চেপি হত্যা কৰাৰ ঘটনা ২০১৫ চনত প্রকাশ হােৱাত দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল। শ্ৰীনাই পিটাৰ মুখাজীৰ প্ৰথমা পত্নীৰ সন্তান ৰাহুল মুখাজীক বিয়া কৰিবলৈ আগবঢ়া আৰু সেই সূত্রে বিশাল হত্যা কৰা বুলি প্রকাশ। এই চাঞ্চল্যকৰ গোচৰত সম্প্রতি ইন্দ্রাণী মুখাজী আৰু তেওঁৰ তৃতীয় স্বামী পিটাৰ মুখাজী কাৰাবন্দী হৈ আছে। শ্ৰীনা হত্যাৰ সকলো কথা জানিও তথ্য লুকুওৱাৰ অভিযোগত এসময়ৰ মিডিয়া বেৰন পিটাৰ মুখাজী কাৰাবন্দী।

0 comments:
Post a Comment