৪৪ হাজাৰ নিবনুৱা সংস্থাপিত হ’ব মার্চৰ ভিতৰত::মন্ত্রী চন্দ্রমোহন



ৰাজ্যৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ প্রথম ছমাহতে উদ্যোগ খণ্ডত প্রায় ৫০০০ কোটি টকাৰ বিনিয়োগ হৈছে। ২৫টাতকৈও অধিক বৃহৎ উদ্যোগত বিনিয়োগ কৰা এই ৫০০০ কোটি টকাৰ ফলত অহা মার্চ মাহৰ ভিতৰত ৰাজ্যৰ প্ৰায় ৪৪,০০০ গৰাকী লোকে প্রত্যক্ষ আৰু পৰোক্ষভাৱে নিয়োগৰ সুবিধা লাভ কৰিব। —এই মন্তব্য ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটােৱাৰীৰ। কালি দিছপুৰত আয়ােজিত এখন সংবাদ মেলত মন্ত্রী পাটােৱাৰীয়ে এই দাবী কৰি কয় যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে বিনিয়ােগকাৰী বিচাৰি বিভিন্ন দেশ পৰিভ্ৰমণ কৰিও বিনিয়োগ কৰাবলৈ সমর্থ হােৱানাছিল। কিন্তু বর্তমানৰ চৰকাৰে প্ৰথম ছমাহতে প্রায় ৫০০০ কোটি টকাৰ বিনিয়োগ কৰাবলৈ সক্ষম হ’ল। ইউনিক জিপিএছ ব্যৱস্থাৰে ছিকিউৰিটী কার্ড বনাবৰ বাবে আমেৰিকাৰ এটা প্রতিষ্ঠানে ১০০ মিলিয়ন ডলাৰ ৰাজ্যখনত বিনিয়োগ কৰাৰ বাবে আগ্রহ প্রকাশ কৰিছে আৰু ইতিমধ্যে প্রতিষ্ঠানটােৱে গোৱালপাৰাত মাটি চোৱাও আৰম্ভ কৰিছে। ২০১৪ চনৰ ১ ডিচেম্বৰত উদ্যোগ আৰু বাণিজ্য মন্ত্রালয়ে নিলম্বিত কৰা উত্তৰ-পূব ঔদ্যৌগিক বিনিয়ােগ উদগনি নীতি ২০০৭ৰ কিছু সংশোধনী ঘটাই চলিত বৰ্ষৰ ২২ নৱেম্বৰৰ পৰা পুনৰুজীৱিত কৰাৰ বিষয়ে অৱগত কৰি মন্ত্রী পাটােৱাৰীয়ে কয় যে পূৰ্বৰ ব্যৱস্থাত কিছু অনিয়ম, খেলিমেলি থকাৰ বাবেই সেই নীতি নিলম্বিত কৰা হৈছিল। এতিয়া সংশোধনীৰে সেই নীতি পুনৰুজজীৱিত কৰা হৈছে। ২০১৭ চনৰ মার্চ মাহলৈ এই নীতি গ্রহণ বাহাল থাকিব। সেই বছৰৰে এপ্রিল মাহত নতুন ঔদ্যৌগিক বিনিয়োগ উদগনি নীতি ঘোষণা কৰা হ’ব বুলি আশা কৰা হৈছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment