ক’লা মনৰ বিৰুদ্ধে যুঁজাৰ হুংকাৰ প্রধানমন্ত্রী মোদীৰ

   Image result for narendra modi

মানৱ সৰবৰাহ আৰু জাল নোটৰ চোৰাং বেহা নৱেম্বৰৰ এটা মাত্র সিদ্ধান্তৰে বিধ্বস্ত কৰিছো |”— এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ। উত্তৰাখণ্ডৰ ৰেলীত জনতাক সম্বোধন কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই মতব্য আগবঢ়াই কয় যে বিমুদ্রাকৰণে সন্ত্রাসবাদ, ড্রাগছ আৰু জােলনােটৰ চােৰাং বেহা আৰু মানৱ সৰবৰাহ চক্ৰৰ মেৰুদণ্ড ভাঙিলে। যন্ত্রণাৰ পাছতো দেশবাসীয়ে বিমুদ্রাকৰণক সমৰ্থনৰ প্ৰসংগৰে প্ৰধানমন্ত্রী মােদীয়ে কয় যে গৰিষ্ঠসংখ্যক লোকৰ সততাৰ কাৰণে, তেওঁলোকৰ সহায়ৰ হাতে অসাধু চক্ৰবােৰক ধ্বংস কৰিব পাৰিলে। তদুপৰি প্রধানমন্ত্রীয়ে কয় যে দুনীতিয়ে দেশখন ধ্বংস কৰিছে, যাক সোণৰ পক্ষী বুলি জনা যায়। যদি দেশখন প্ৰগতিৰ দিশে আগবাঢ়িব লাগে, এই লুট বন্ধ কৰিব লাগিব, দুনীতি বন্ধ কৰিবই লাগিব। দুনীতিৰ বিৰুদ্ধে যুঁজত জনতাৰ সমৰ্থন অবিহনে জয়ী হােৱাটাে সম্ভৱ নহয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্রী মোদীয়ে পুনৰ কয়— এই যুঁজৰ বিৰুদ্ধাচৰণ কৰি যিসকলে মোৰ ওপৰত আক্ৰমণৰ সুযোগ বিচাৰি আছে, তেওঁলোকে এই সুযোগ নাপাব। কিয়নো, ১২৫ কোটি লোকে তেওঁক সুৰক্ষা দি থকালৈকে তেওঁৰ একো নঘটে। ইপিনে, ক’লা ধনৰ সমান্তৰালকৈ ক’লা মনেও দেশখন বিনাশ কৰি থকাৰ প্ৰসংগৰে বিৰােধীক কটাক্ষ কৰি প্ৰধানমন্ত্রী মোদীয়ে ক’লা ধনৰ লগতে ক’লা মনৰ বিৰুদ্ধেও যুঁজ কৰিব লাগিব বুলি মন্তব্য কৰে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment