>> নিশা কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ বাসগৃহলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গ্ৰেনেড নিক্ষেপ, নগাঁৱৰ নতুন বজাৰস্থিত ঘৰলৈ গ্ৰেনেড নিক্ষেপ, সৌভাগ্যক্ৰমে বিস্ফোৰিত নহ’ল গ্ৰেনেডটো, অৱশ্যে নগাঁৱৰ ঘৰত উপস্থিত নাছিল গোহাঁই তথা তেওঁৰ পৰিয়াল, নিশা প্ৰায় ১২.৩৫ বজাত এই ঘটনা।
>> আজি অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভা। কাৰ্যনিৰ্বাহক সভাৰ পূৰ্বে নিশা হঠাত্ ডাঃ ধ্ৰুৱজ্যোতি বৰাৰ বাসগৃহত ৰুদ্ধদ্বাৰ বৈঠক, বৈঠকত উপস্থিত থাকে খোদ প্ৰধান সম্পাদক পৰমানন্দ ৰাজবংশীও। দেৰগাঁও শাখা সাহিত্য সভাৰ সভাপতিৰো বৈঠকত অংশগ্ৰহণ।
>> নিশা অনুষ্ঠিত ৰুদ্ধদ্বাৰ বৈঠকৰ পিছত সংবাদ মাধ্যমৰ পৰা আঁতৰি থাকিল প্ৰধান সম্পাদক পৰমানন্দ ৰাজবংশী। বৈঠক সামৰি কৌশলেৰে সভাপতি ডাঃ বৰাৰ ঘৰৰ পৰা প্ৰস্থান ৰাজবংশীৰ। সাংবাদিকৰ মুখামুখি নহ’বলৈ সভাপতিৰ ঘৰৰ চৌহদৰ পৰাই গাড়ীত উঠি প্ৰস্থান কৰে ড০ ৰাজবংশীয়ে।
>> ৰহস্যজনকভাৱে নিমাত ডাঃ বৰাৰ ঘৰৰ গোপন বৈঠকত ভাগ লোৱা কৰ্ণধাৰ সমিতিৰ সদস্যসকলো, সভাৰ কৰ্মচাৰীসকলক অনাদেয় দৰমহা নতুন বছৰৰ প্ৰথম সপ্তাহতে দিয়াৰ সিদ্ধান্ত লোৱা বুলি মন্তব্য একাংশ সদস্যৰ।
>> মিজোৰামত ২৭ লাখ ক’লাধন জব্দ, জব্দ কৰা আটাইখিনি টকাই নতুন নোট, মিজোৰাম ৰুৰেল বেংকৰ মেনেজাৰসহ CIDৰ জালত ৪জন, ঘটনাৰ অনুসন্ধান অব্যাহত।
>> ৰঙিয়াৰ উদিয়ানাত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল পেট্ৰ’লভৰ্তি টেংকাৰ, অঞ্চলজুৰি আতংক, ঘটনাস্থলীত উপস্থিত হোৱা নাই অগ্নিনিৰ্বাপক বাহিনী।
>> আজিৰে পৰা আহমেদাবাদত আন্তঃৰাষ্ট্ৰীয় কাৰাটে। এই প্ৰতিযোগিতাত ভাগ ল’ব ৮খন দেশে। উপস্থিত নেপাল আৰু বাংলাদেশৰ দল। আলজেৰিয়া আৰু পাকিস্তানে নাপালে ভিজা। ভিজা বাতিল কৰিছে ৰোমানিয়া আৰু কানাডাই। ভাৰতত বিমুদ্ৰাকৰণৰ বাবেই বাতিল কৰিলে ভিজা।[Source:News 18]
0 comments:
Post a Comment