প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ সুৰক্ষাৰ বাবে নিয়োজিত জেদ প্লাছ নিৰাপত্তা ব্যৱস্থা কেন্দ্রীয় চৰকাৰে প্রত্যাহাৰ কৰিছে৷ কেন্দ্রীয় গৃহ মন্ত্র্যালয়ত কেন্দ্রীয় গৃহ সচিব ৰাজীৱ মহর্ষিৰ অধ্যক্ষতাত আয়োজিত এক বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়৷ প্রণিধানযোগ্য যে মাত্র কেইদিনমানৰ পূর্বে ৰাজ্যখনৰ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ জেদ প্লাছ নিৰাপত্তা ব্যৱস্থা প্রত্যাহাৰ কৰা হৈছিল৷ কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্তত অসন্তুষ্ট হৈ পৰা গগৈয়ে ৰাজনৈতিক কাৰণতে তেওঁৰ নিৰাপত্তাৰ বাবে নিয়োজিত জেদ প্লাছ সুৰক্ষা ব্যৱস্থা কর্তন কৰা বুলি অভিযোগ কৰিছিল৷ গগৈয়ে আনকি প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ জেদ প্লাছ নিৰাপত্তা কি কাৰণত প্রত্যাহাৰ কৰা হোৱা নাই সেয়া জানিব বিচাৰি কেন্দ্রীয় গৃহ মন্ত্রী ৰাজনাথ সিঙলৈ পত্রও প্রেৰণ কৰিছিল৷ উল্লেখযোগ্য যে দেশৰ ১৫গৰাকী লোকক এন এছ জিৰ দ্বাৰা জেদ প্লাছ কেটেগৰি সুৰক্ষা প্রদান কৰি অহা হৈছে৷ এইসকলৰ ভিতৰত বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানিৰ লগতে ৰাজ্য সভাৰ বিৰোধী দলৰ নেতা গোলাম নবী আজাদ আদিকে ধৰি কেইবাজনো ৰাজনৈতিক নেতাও আছে৷ জেদ প্লাছ সুৰক্ষা লাভ কৰা এইসকল লোকক এন এছ জিয়ে নিৰাপত্তা প্রদান কৰে৷ আনহাতে, তেওঁলোকক বুলেট প্রুফ বাহনসহ দুখন বিশেষ সুৰক্ষা বাহিনীৰ গাড়ী আৰু প্রায় বিশজন নিৰাপত্তাৰক্ষী প্রদান কৰা হয়৷ মন কৰিবলগীয়া কথা যে প্রাক্তন মুখ্যমন্ত্রী মহন্তৰ সুৰক্ষা ব্যৱস্থা হ্রাস কৰাক লৈ এতিয়া বিভিন্ন প্রশ্নৰ উত্থাপন হৈছে৷ অভিযোগ উঠিছে যে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদান কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে সংসদত গৃহীত কৰিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ মহন্তই তীব্র বিৰোধিতা কৰাৰ বাবেই কেন্দ্রীয় গৃহ দপ্তৰ অসন্তুষ্ট হৈ পৰিছে৷ সেয়েহে গৃহ দপ্তৰে মহন্তৰ জেদ প্লাছ নিৰাপত্তা ব্যৱস্থা প্রত্যাহাৰ কৰিছে৷ বিগত সময়ছোৱাত দেখা গৈছিল যে নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰাৰ দাবীত মহন্তই ৰাষ্ট্রপতি প্রণব মুখার্জী, উপ-ৰাষ্ট্রপতি হামিদ আনছাৰিকে ধৰি জ্যেষ্ঠ বিজেপি নেতা লালকৃষ্ণ আদৱানি আদি বহুসংখ্যক লোকক দেখা কৰিছিল৷ আনকি তেওঁৰ নেতৃত্বত বিধেয়কখনৰ বিৰোধিতাৰে দিল্লীত ধর্ণা কার্যসূচীও ৰূপায়িত কৰা হৈছিল৷ এনে পৰিস্থিতিৰ মাজতে কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে এতিয়া মহন্তৰ জেদ প্লাছ নিৰাপত্তা কর্তন কৰিবলৈ লোৱা সিদ্ধান্ত বিশেষ তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷ জানিব পৰা মতে, মহন্তৰ জেদ প্লাছ নিৰাপত্তা হ্রাস কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে যদিও এতিয়ালৈকে এই সিদ্ধান্ত কার্যকৰী কৰাৰ বাবে কোনো নির্দেশনা জাৰি কৰা হোৱা নাই৷[ দৈনিক জনমভূমিৰ সৌজন্যত ]
Home / প্রাক্তন মুখ্যমন্ত্রী মহন্ত
/ প্রাক্তন মুখ্যমন্ত্রী মহন্তৰো জেদ প্লাছ নিৰাপত্তা কর্তনৰ সিদ্ধান্ত কেন্দ্রীয় চৰকাৰৰ
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment