লোকসেৱা আয়োগৰ সদস্য ছামেদুৰ ৰহমানৰ সৈতে ঘনিষ্ঠ সম্পর্ক বজাই ৰাখি কেলেংকাৰিত সাঙোৰ খাই পৰা মডেল-অভিনেত্রী নিবিড় শ্বৱনমৰ বিৰুদ্ধে আৰক্ষীয়ে যথেষ্ট তথ্য-প্রমাণ লাভ কৰা বুলি সদৰী কৰিছে আৰক্ষী সঞ্চালকপ্রধান মুকেশ সহায়ে৷ অভিনেত্রীগৰাকীৰ বিৰুদ্ধে বহু অভিযোগ উঠি আহিছিল কেলেংকাৰিত জড়িত থকাৰ৷ ইয়াৰ বাবে অভিনেত্রীগৰাকীয়ে নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ সংবাদ মাধ্যমৰ সন্মুখত লম্ফ জম্ফ কৰিছিল৷ থানাত গোচৰ তৰি মূল বিষয়ৰ পৰা ফালৰি কটাৰ অপচেষ্টাও কৰিছিল৷ কিন্তু আৰক্ষীয়ে তদন্তত তেওঁৰ সৈতে ছামেদুৰ ৰহমানৰ উপৰি দেহৰক্ষী মাবুদ আলী চৌধুৰীৰ সঘন যোগাযোগ ধৰা পেলায়৷ ইতিমধ্যে নিবিড় শ্বৱনম কেলেংকাৰিত জড়িত থকাৰ অন্য প্রমাণো লাভ কৰিছে আৰক্ষীয়ে৷ সেয়ে অচিৰেই গ্রেপ্তাৰ হ’ব পাৰে মডেল নিবিড় শ্বৱনম।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment