দেশৰ বিভিন্ন প্রান্তত উদ্ধাৰ হৈছে কোটি কোটি টকা ক’লা ধন৷ কেন্দ্রৰ মোদী চৰকাৰে ক’লা ধনৰ বিৰুদ্ধে ছার্জিকেল ষ্ট্রাইক চলাই যোৱা ৮ নৱেম্বৰৰ মাজনিশাৰ পৰা কার্যকৰী হোৱাকৈ ৫০০ আৰু ১০০০ টকাৰ ন’ট নিষিদ্ধ কৰাৰ পাছৰে পৰা উত্তৰ-পূর্বাঞ্চলকে ধৰি দেশৰ বিভিন্ন প্রান্তৰ পৰা উদ্ধাৰ হৈছে কোটি কোটি টকাৰ ক’লা ধন৷ ক’লা ধন মজুতকাৰীয়ে বিভিন্ন পন্থা অৱলম্বন কৰি মজুত ৰখা ক’লা ধন বগা কৰিবলৈ চেষ্টা অব্যাহত ৰখাৰ সময়তে আয়কৰ বিভাগ, এনফ’র্চমেণ্ট ডাইৰেক্টৰেট, আৰক্ষী, সেনাই অভিযান চলাই বিভিন্ন প্রান্তৰ পৰা বৃহৎ পৰিমাণৰ নিষিদ্ধ হোৱা ন’টৰ লগতে নতুন ২০০০ টকা আৰু ৫০০ টকীয়া ন’ট উদ্ধাৰ কৰিছে৷ আজি আছাম ৰাইফলছে মিজোৰামৰ আইজলৰ পৰা দুজন যুৱকৰ জিম্মাৰ পৰা ৩৪ লাখ ৫০ হাজাৰ টকাৰ নিষিদ্ধ হোৱা ৫০০ আৰু ১০০০ টকীয়া ন’ট উদ্ধাৰ কৰে৷ আছাম ৰাইফলছৰ এক উচচস্তৰীয় সূত্রই প্রকাশ কৰা অনুসৰি কোনো উগ্রপন্থী সংগঠনৰ ধন বগা কৰাৰ বাবে ধনখিনি যুৱক দুজনে কঢ়িয়াই আনিছিল৷ সেইদৰে আজি আৰক্ষীয়ে বিহাৰৰ গঞাত জন শতাব্দী এক্সপ্রেছৰ পৰা ৩৫ লাখ টকাৰ নিষিদ্ধ হোৱা ন’ট উদ্ধাৰ কৰে৷ উদ্ধাৰ হোৱা ধনখিনি এটা গৰাকীবিহীন বেগত ভৰাই থোৱা আছিল৷ ইপিনে আছাম ৰাইফলছে আজি মণিপুৰৰ ম’ৰেৰ পৰা উদ্ধাৰ কৰে ৯ লাখ ৩২ হাজাৰ টকাৰ নতুন ন’ট৷ এজন যুৱকৰ জিম্মাৰ পৰা উদ্ধাৰ হোৱা ধনখিনি ২০০০ টকীয়া নতুন ন’ট৷ ইমান বৃহৎ পৰিমাণৰ নতুন ন’ট যুৱকজনৰ হাতলৈ কেনেকৈ আহিল এই সন্দর্ভত তদন্ত অব্যাহত ৰাখিছে মণিপুৰ আৰক্ষীয়ে৷ ইফালে দেশত ন’ট নিষিদ্ধৰ পাছত আয়কৰ বিভাগে ক’লা ধনৰ বিৰুদ্ধে দেশজুৰি চলোৱা অভিযানত ১৩০ কোটি টকাৰ নগদ ধন আৰু আ-অলংকাৰ উদ্ধাৰ কৰিছে৷ ইয়াৰ উপৰি আয়কৰ বিভাগে দেশৰ বিভিন্ন প্রান্তত চলোৱা প্রায় চাৰি শতাধিক টা অভিযানত উদ্ধাৰ কৰিছে প্রায় ২০০০ কোটি টকাৰ নিষিদ্ধ হোৱা ৫০০ আৰু ১০০০টকীয়া ন’ট৷ উল্লেখযোগ্য যে কিছুদিনৰ পূর্বে নাগালেণ্ডৰ ডিমাপুৰৰ পৰা চি আই এছ এফে কেইবা কোটি টকা ক’লা ধন উদ্ধাৰ কৰিছিল৷ ইপিনে আয়কৰ বিভাগৰ এক উচচস্তৰীয় সূত্রই প্রকাশ কৰে যে একে সময়তে বৃহৎ পৰিমাণৰ ধন জমা হোৱা তথা ন’ট নিষিদ্ধৰ পাছত বৃহৎ পৰিমাণৰ জমা হোৱা একাউণ্টসমূহৰ সন্দর্ভত আয়কৰ বিভাগে ইতিমধ্যে তথ্য আহৰণ কৰিছে৷ সূত্রটোৱে লগতে প্রকাশ কৰে কোনো ব্যক্তিয়ে নিজৰ পৰিয়ালৰ বিভিন্নজনৰ নামত থকা একাউণ্টত সুকীয়া সুকীয়াকৈ কিমান পৰিমাণৰ ধন জমা কৰিছে সেই সম্পর্কতো তথ্য আহৰণ কৰা হৈছে৷ এইক্ষেত্রত বহু জন ধন একাউণ্টৰ ওপৰতো চোকা নজৰ ৰাখিছে আয়কৰ বিভাগে৷
Subscribe to:
Post Comments
                            (
                            Atom
                            )
                          
 
 
 
 
 
 
0 comments:
Post a Comment