ছেহনাই বাদক ওস্তাদ বিছমিল্লা খানৰ পাঁচটা ছেহনাই চুৰি


বিশিষ্ট ছেহনাই বাদক ওস্তাদ বিছমিল্লা খানৰ পাঁচটা ছেহনাই চুৰি হৈছে।ভাৰত ৰত্ন বিছমিল্লা খানৰ পুত্ৰ কাজিম হুছেইনে এই কথা প্রকাশ কৰিছে। বাৰানসীৰ দাল মন্দিৰত থকা কাজিম হুছেইনৰ বাসগৃহৰ তলা ভাঙি চােৰে পাঁচটা ছেহনাই চুৰ কৰি নিয়ে। ইয়াৰে চাৰিটা ৰূপৰ আৰু এটা কাঠৰ আছিল। কাঠৰ ছেহনাইটাে আছিল আপুৰুগীয়া। এই ছোহনাইটাে তেওঁ মহৰমৰ পঞ্চম আৰু সপ্তম দিনটােত বজাবলৈ ব্যৱহাৰ কৰিছিল। কাজিম হুছেইনৰ মতে ৰূপৰ ছোহনাইকেইটা ওস্তাদ বিছমিল্লা খানক উপহাৰ দিছিল প্রাক্তন প্রধান মন্ত্রী প্ৰয়াত নৰসিংহ ৰাও, আৰ জেডিৰ মুৰব্বী লালুপ্ৰসাদ যাদৱ, কংগ্ৰেছৰ নেতা কপিল ছিবাল আৰু শৈলেশ ভাগতে। এটা গোচৰ ৰুজু কৰি ছেহনাই পাঁচটা বিচাৰি অভিযান আৰম্ভ কৰিছে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment