সকলো বিভাগৰ লেনদেন ডিজিটেল পদ্ধতিত হ’ব :: কেন্দ্রীয় চৰকাৰৰ নিৰ্দেশনা



বিত্ত মন্ত্র্যালয়ে কেন্দ্রীয় চৰকাৰৰ প্ৰতিটাে বিভাগৰ মন্ত্ৰীসকলকে ধৰি ৰাজ্য চৰকাৰসমূহৰ মুখ্যমন্ত্ৰীসকললৈ তেওঁলোকৰ বিভাগসমূহৰ লেনদেন ডিজিটেল পদ্ধতিৰে কৰাবলৈ এখন পত্র প্ৰেৰণ কৰিছে। কেন্দ্রীয় চৰকাৰৰ এই পত্র অনুসৰি কেন্দ্রীয় চৰকাৰৰ প্ৰতিটাে বিভাগ আৰু ৰাজ্য চৰকাৰৰ অধীনস্থ বিভাগসমূহে তেওঁলোকৰ কর্মচাৰীৰ দৰমহা আৰু অন্যান্য ব্যয় ডিজিটেল পদ্ধতিৰে হস্তান্তৰ কৰিব লাগিব। ইয়াৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলক ৰাজ্য চৰকাৰৰ অধীনস্থ কর্মচাৰীসকলক এ টি এম কার্ড, ডেবিট কার্ড ব্যৱহাৰ কৰাৰ কাৰণে সকলো প্ৰকাৰে উৎসাহিত কৰিবলৈ ব্যৱস্থা গ্ৰহণৰ অনুৰােধ জনােৱা হৈছে। কেৱল সেয়াই নহয়, বিমুদ্রাকৰণৰ পাছৰ পৰ্যায় হিচাপে নগদ লেনদেনবিহীন দেশ নির্মাণৰ উদ্দেশ্য বাস্তৱায়িত কৰাৰ কাৰণে কেন্দ্রীয় বিত্ত মন্ত্র্যালয়ে এক নির্দেশাযোগে চৰকাৰৰ অধীনস্থ চৰকাৰী কামকাজসমূহৰ বিপৰীতে হ’ব লগা ব্যয় ৫ হাজাৰ টকাতকৈ অধিক হ’লে সেই ধন ডিজিটেল পদ্ধতিৰে হস্তান্তৰ কৰাৰ নির্দেশ কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰতিটাে বিভাগলৈ প্ৰেৰণ কৰিছে। পূর্বে এনে ধৰণৰ লেনদেনৰ সর্বোচ্চ সীমা ১০ হাজাৰ টকা আছিল যদিও আজি হঠাতে সেই সীমা ৫ হাজাৰলৈ কমাই দিয়া কার্যই স্বাভাৱিকতে প্রতিক্রিয়া সৃষ্টি কৰিছে। এই নির্দেশ অনুসৰি বিভাগসমূহে তেওঁলোকৰ যোগনিয়াৰ, ঠিকাদাৰ বা ঋণ গ্রহণকাৰীসকলক দিবলগীয়া ধন যদি ৫ হাজাৰ টকাতকৈ বেছি হয়, তেতিয়াহ’লে সেই ধন তেওঁলোকে ডিজিটেল পদ্ধতিৰেহে হস্তান্তৰ কৰিব লাগিব।
Share on Google Plus

About Unknown

0 comments:

Post a Comment