ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী প্রখ্যাত টাইম আলোচনীৰ বছৰটােৰ ব্যক্তি-২০১৬ হিচাপে স্বীকৃত হৈছে । সন্ত্রাসবাদবিৰোধী স্থিতি, বিমুদ্রাকৰণকে ধৰি কেতবোৰ বিশেষ পদক্ষেপেৰে প্রধানমন্ত্ৰীগৰাকীক টাইম আলোচনীয়ে চলোৱা পাঠকৰ এক বিশ্বজোৰা অনলাইন ভোটে এই স্বীকৃতি দিয়াৰ কথা আজি আলোচনীখনৰ কর্তৃপক্ষই ৰাজহুৱা কৰিছে। আলোচনীখনে প্রকাশ কৰা মতে, ২০১৬ চনৰ “বছৰটােৰ ব্যক্তিজন” নির্বাচন কৰাৰ কাৰণে পূৰ্বৰ বৰ্ষসমূহৰ দৰে এইবাৰাে এক বিশ্বজোৰা ভোটগ্ৰহণ কৰা হৈছিল। আৰু এই সমীক্ষাত ১৮ শতাংশ ভোট লাভেৰে শীর্ষস্থানত আছে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। পাঠকৰ ভোট অনুসৰি দ্বিতীয় স্থানত আছে মার্কিন যুক্তৰাষ্ট্ৰৰ নৱনিযুক্ত ৰাষ্ট্রপতি ড'নাল্ড ট্রাম্প। আনহাতে তৃতীয় স্থানত যুটীয়াভাৱে আছে মার্কিন যুক্তৰাষ্ট্ৰৰ প্রাক্তন ৰাষ্ট্রপতি বাৰাক অ’বামা আৰু জুলিয়ান এচেঞ্জ। তৃতীয় স্থানত থকা দুয়োগৰাকী প্ৰভাৱশালী ব্যক্তিয়ে লাভ কৰিছে ৭ শতাংশ ভোট। আনহাতে মার্কিন যুক্তৰাষ্ট্ৰৰ শেহতীয়া নির্বাচনী যুঁজত পৰাস্ত হােৱা হিলাৰী ক্লিন্টনে ৪ শতাংশ ভোট লাভেৰে আছে চতুর্থ স্থানত। টাইম আলোচনীৰ বছৰটােৰ ব্যক্তি-২০১৬ৰ তালিকাত থকা আন লোকসকলৰ ভিতৰত আছে ফেচবুকৰ প্ৰতিষ্ঠাতা মার্ক জুকাৰবাৰ্গ, ব্ৰিটিছ প্রধানমন্ত্রী থেৰেছা, চীনৰ ৰাষ্ট্রপতি ঝি ঝিনপিং, উত্তৰ কোৰিয়াৰ নেতা কিম জং, এফ বি আইৰ মুৰব্বী জেমছ কমে, এপল’ৰ মুখ্য কার্যবাহী বিষয়া টিম কুক আৰু মুছলিম-আমেৰিকান সেনা হুমায়ুন খানৰ পিতৃ-মাতৃ ক্ৰমে খিজাৰ আৰু হাজােলা খান। প্রণিধানযোগ্য যে প্রখ্যাত বার্তালোচনী টাইম মেগাজিনে প্রতিবছৰে "টাইম পাৰ্ছন অৱ দ্য ইয়েৰ’ হিচাপে একোগৰাকী ব্যক্তিক বিশেষভাৱে স্বীকৃতি দি আহিছে। এই স্বীকৃতি বিশ্বৰ এক অন্যতম সন্মানীয় স্বীকৃতি বুলি বিবেচিত হৈ আহিছে।
টাইম আলোচনীৰ বছৰটােৰ ব্যক্তি-২০১৬ হিচাপে স্বীকৃত প্রধানমন্ত্রী মোদী

0 comments:
Post a Comment