দহখনতকৈ অধিক পুৰণি নোট থাকিলে চাৰি বছৰ কাৰাবাস :: নতুন অধ্যাদেশ


অচিৰে ৫০০-১,০০০ টকীয়া পুৰণি নোট হাতত ৰখাটােও হ’ব শাস্তিযোগ্য অপৰাধ।। ২০১৭ চনৰ ৩১ মাৰ্চৰ পৰা কার্যকৰী হােৱাকৈ পুৰণি নোটৰ বিৰুদ্ধে জাৰি কৰিবলগীয়া এক অধ্যাদেশত কালি কেন্দ্রীয় কেবিনেটে অনুমোদন জনায়। ৩০ ডিচেম্বৰ (২০১৬) পর্যন্ত যিকোনো লোকে নিজৰ বেংক একাউণ্টত পুৰণি ৫০০-১,০০০ টকীয়া নােট জমা দিয়াৰ সুবিধাৰ অন্ত পৰিব যদিও কেতবােৰ লোকে চৰ্তসাপেক্ষে নিজৰ হাতত থকা পুৰণি নােট ৰিজার্ভ বেংকৰ কাৰ্যালয়ত জমা দিব পাৰিব। বিদেশত থকা, অতি দুৰ্গম এলেকাত থকা লোক বা সেনাবাহিনীত কৰ্মৰত লোকে ৰিজাৰ্ভ বেংকত পুৰণি ৫০০-১,০০০ টকীয়া নােট জমা দিব পাৰিব। কিন্তু সাধাৰণ লোকৰ বাবে এই ব্যৱস্থা খোলা নাথাকিব। তাৰ বিপৰীতে প্রধানমন্ত্রী গৰিব কল্যাণ যোজনাৰ অধীনত ক’লা ধনৰ গৰাকীয়ে ৪৯.৯ শতাংশ কীৰ পৰিশোধ কৰি ৩১ মার্চ (২০১৭) পর্যন্ত চৰ্তসাপেক্ষে ৫০০১,০০০ টকাৰ পুৰণি নােট জমা দিব পাৰিব। এই আঁচনিখন ১৭ ডিচেম্বৰৰ পৰা কার্যকৰী হৈছে। কেন্দ্রীয় কেবিনেটে আজি অনুমােদন জনােৱা ‘দি স্পেচিফাইড বেংক নােট্‌ছ'চিছেছন লাইবেলিটীজ অর্ডিনেন্সখন ২০১৭ চনৰ ৩১ মাৰ্চৰ পৰা কাৰ্যকৰী হােৱাৰ পিচত ১০ খনতকৈ অধিক পুৰণি ৫০০১,০০০ টকীয়া নােট হাতত ৰখা লোকে নূনতম ৫০ হেজাৰ টকাৰ জৰিমনা ভৰাৰ লগতে চাৰি বছৰপর্যন্ত কাৰাবাসৰাে সন্মুখীন হ’ব। নতুন অধ্যাদেশমতে, জব্দ ধনৰ পাঁচ গুণ হ’ব জৰিমনাৰ পৰিমাণ। এই অধ্যাদেশ ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পিচতে কার্যকৰী হ’ব বুলি চৰকাৰী সূত্ৰত প্রকাশ।
Share on Google Plus

About Unknown

0 comments:

Post a Comment