ৰাজ্যত শীঘ্ৰে নতুন জনসংখ্যা নীতি ::দুটাতকৈ অধিক সন্তান হ’লে নাপাব চাকৰি হেৰুৱাব চাকৰি

জনবিস্ফোৰণ ৰুধিবলৈ ৰাজ্যত শীঘে প্রযোজ্য হ’ব এক নতুন জনসংখ্যা নীতি। এই নীতি অনুসৰি দুটাতকৈ অধিক সস্তান জন্ম দিয়া পৰিয়ালসমূহ বহু চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত কঠোৰ স্থিতি, হ’ব| বিধানসভাৰ পৰৱতী অধিৱেশনত উত্থাপন কৰিবলগীয়া জনসংখ্যা নীতি সন্দৰ্ভত সদৰী কৰি কালি এখন সংবাদ মেলত বিত্তমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে মার্চৰ শেষৰ ফালে চৰকাৰে বিধানসভাৰ মজিয়ালৈ এই জনসংখ্যা নীতি আনিব। এই নীতি অনুসৰি দুটাতকৈ অধিক সন্তান থাকিলে তেনে ব্যক্তিয়ে পঞ্চােয়ত নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব নােৱাৰিব। বর্তমানৰ পঞ্চােয়ত প্রতিনিধিসকলৰ ক্ষেত্ৰত এই নীতি প্রযোজ্য নহয় যদিও যিসকলৰ এতিয়া যিসকলৰ ১৮ বছৰ হৈছে, তেওঁলোকে দুটাতকৈ অধিক সন্তান জন্ম দিলে পঞ্চােয়ত নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব নােৱাৰিব। একেদৰে দুটাতকৈ অধিক সন্তান থকাসকলে চৰকাৰী চাকৰিৰ বাবেও অযোগ্য হিচাপে বিবেচিত হ’ব। যদি কোনো চৰকাৰী চাকৰিয়ালৰ চাকৰি লাভৰ সময়ত দুটা সন্তান থাকে আৰু চাকৰি পোৱাৰ পাছত আন এটা সন্তান জন্ম দিয়ে, তেনেহ’লে তেওঁক চাকৰিৰ পৰা বখাস্ত কৰা হ'ব। ড” শৰ্মাই লগতে জনােৱা মতে, তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰবক্তা ড° চন্দন শর্মাকে ধৰি কেইবাজনাে অধ্যাপকে এই জনসংখ্যা নীতি প্ৰস্তুত কৰি আছে। ৰাজস্থানৰ দৰে অসমতো এনে নীতি শীঘে প্রযোজ্য হ’ব। তদুপৰি পঞ্চম শ্রেণীৰ পৰাই জনসংখ্যা সম্পৰ্কীয় বিশেষ অধ্যায় পাঠ্যক্ৰমত সংযোজন কৰা হ’ব। যাতে জনসংখ্যা বৃদ্ধিয়ে যে সমাজ আৰু অর্থনীতিত নেতিবাচক প্ৰভাৱ পেলায়, সেই সন্দৰ্ভত ছাত্র-ছাত্ৰীসকল সৰুৰে পৰাই সজাগ আৰু সচেতন হ’ব পাৰে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment