অসম সাহিত্য সভাৰ বহুচর্চিত কাৰ্যনির্বাহক বৈঠক আজি::পদত্যাগ কৰিবনে পৰমানন্দই ??

অসম সাহিত্য সভাৰ বহুচর্চিত কাৰ্যনির্বাহক বৈঠকখনি আজি অনুষ্ঠিত হ’ব। সংবিধান উলংঘাকে ধৰি বিভিন্ন অনৈতিক কর্মকাণ্ডৰে বিতর্কৰ আৱর্তত সোমাই পৰা সাহিত্য সভাৰ আজিৰ কাৰ্যনির্বাহক বৈঠকৰ ওপৰত দৃষ্টি নিবদ্ধ হৈছে সাহিত্যানুৰাগী ৰাইজৰ। কিয়নো আজিৰ কাৰ্যনির্বাহক বৈঠকতে প্রধান সম্পাদক পদৰ পৰা পদত্যাগ কৰাৰ কথা ইতিপূর্বে ঘোষণা কৰিছে পৰমানন্দ ৰাজবংশীয়ে। আজি দিনৰ ১১ বজাত ভগৱতী প্রসাদ বৰুৱা ভৱনত অনুষ্ঠিত হ’বলগীয়া কাৰ্যনির্বাহক বৈঠকতে কার্যতঃ স্পষ্ট হৈ পৰিব সকলো কথা। উল্লেখযোগ্য যে পৰমানন্দ ৰাজবংশী তথা সভাৰ একাংশ বিষয়ববীয়াৰ কর্মকাণ্ডক লৈ সম্প্রতি ব্যাপক প্রতিক্রিয়া অব্যাহত আছে সর্বসাধাৰণৰ মাজত। সংবিধান উলংঘাৰে দুবছৰীয়া সমান্তৰালভাৱে বিস্তৃতীয় কেলেংকাৰী, নাৰী কেলেংকাৰী আদিত সাঙোৰ খাই পৰিছে পৰমানন্দৰ নাম। এনে প্রেক্ষাপটতে সভাৰ ৪ গৰাকী প্রাক্তন সভাপতিসহ ৰাজ্যৰ ২২ গৰাকী বিশিষ্ট ব্যক্তিয়ে সভাক কলংকমুক্ত কৰিবলৈ সকলোকে আহ্বান জনাইছিল। কিন্তু উক্ত বিশিষ্ট ব্যক্তিসকলৰ পৰামর্শ গ্রহণ কৰাৰ পৰিবর্তে তেওঁলোকক চক্রান্তকাৰীহে আখ্যা দিয়ে সভাৰ কৰ্মনিৰ্ধাৰণে। ইয়াক লৈ ৰাজ্যজুৰি বৃদ্ধি পায় ক্ষোভঅসন্তুষ্টি। পৰমানন্দক বহিষ্কাৰ কৰি সভাক ৰক্ষা কৰিবলৈ বিভিন্ন দলসংগঠন তথা ৰাইজে দাবী জনায়। ৰাইজৰ এনে দাবীৰ ওচৰত সেও মানি পৰমানন্দ ৰাজবংশীয়ে প্রধান সম্পাদক পদৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা কৰে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment