“আম্মা’ জয়ললিতা আৰু নাই ::তামিলনাডুত শোকৰ বন্যা




দেশৰ প্ৰভাৱশালী-জনপ্রিয় মহিলা ৰাজনীতিক, তামিলনাডুৰ মুখ্যমন্ত্রী, একালৰ অভিনেত্রী কুমাৰী জে জয়ললিতাই সোমবাৰে নিশা প্রায় ১১.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰা বুলি ঘোষণা কৰে চেন্নাইৰ এপ’ল’ হাস্পতাল কর্তৃপক্ষই। মৃত্যুৰ সময়ত জনপ্রিয় ৰাজনীতিকাগৰাকীৰ বয়স হৈছিল ৬৮ বছৰ। প্রায় তিনি মাহ পূর্বে শ্বাস-প্রশ্বাসজনিত ৰােগত আক্রান্ত “আম্মা’ক চেন্নাইৰ এপ’ল’ হাস্পতালত ভর্তি কৰোৱা হৈছিল। চেন্নাই এপ’ল’ত বিশেষজ্ঞ চিকিৎসকৰ নিৰলস তত্ত্বাৱধানত আম্মাৰ চিকিৎসা অব্যাহত থাকে।আম্মাৰ বিয়ােগৰ দুঃসংবাদ বিয়পি পৰাৰ পাছতে সমগ্র তামিলনাড়ুতে শোকৰ বন্যা বয়। চেন্নাই এপ’ল’ৰ চৌদিশ ভৰি পৰে আম্মাৰ শ শ অনুৰাগীৰে। ক্ৰন্দনত ভাগি পৰা দেখা গ’ল আম্মাৰ অনুৰাগীসকলক। উল্লেখ্য যে চিত্রাভিনেত্রীৰ পৰা ৰাজনীতিত যোগ দিয়া জয়ললিতাৰ জন্ম হৈছিল জিলাৰ মেল”কোটে চহৰত। শিশু অভিনেত্রী হিচাপে চলচ্চিত্ৰ জগতত খোজ পেলোৱা জয়ললিতাই ইংৰাজী, কানাড়া আৰু হিন্দী চলচ্চিত্ৰতো অভিনয় কৰি দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। ১৫ বছৰতে অভিনেত্রী হিচাপে কানাড়া চলচ্চিত্র চিন্নাদা গেম্বে’ত অভিনয় কৰা জয়ললিতাই দক্ষিণৰ জনপ্রিয় অভিনেতা তথা তামিলনাডুৰ প্রাক্তন মুখ্যমন্ত্রী এম জি ৰামচন্দ্ৰনৰ বিপৰীতেও নায়িকাৰ ভূমিকাত অভিনয় কৰিছিল। উল্লেখ্য যে এম জি ৰামচন্দ্রন আছিল জয়ললিতাৰ ‘ৰাজনৈতিক গুৰু”। অভিনয়েৰে জনপ্রিয়তা অর্জন কৰা জয়ললিতা ৰাজনীতিৰ পথাৰত খোজ দি তামিলনাডুৰ সাধাৰণ জনতাৰ মাজত সোমাই পৰিবলৈ সক্ষম হয়। 



Share on Google Plus

About Unknown

0 comments:

Post a Comment