পাকিস্তানত ভাৰতৰ ৫০০ আৰু ১০০০ টকীয়া নোট পাকিস্তানত ছপাই জােলনোটৰ ব্যৱসায়েৰে ভাৰতীয় অর্থনীতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাই থকাৰ পৰিপ্ৰেক্ষিতত ৰিজাৰ্ভ বেংকে নতুন আৰ্হিৰ ৫০০ আৰু ২০০০ টকীয়া নোট মুকলি কৰিলে। ৫০০ আৰু ১০০০ টকীয়া নোট পাকিস্তানে ছপাব পাৰিছিল যদিও শেহতীয়াভাৱে ৰিজাৰ্ভ বেংকে মুকলি কৰা নতুন ৫০০ আৰু ২০০০ টকীয়া নােট পাকিস্তানে ছপাব নোৱাৰিব বুলি মন্তব্য কৰিছে চোৰাংচোৱা সংস্থাই। নতুন আৰ্হিৰ নোট দুখনত সুৰক্ষা ব্যৱস্থা এনেদৰে কৰা হৈছে যে পাকিস্তান আৰু অপৰাধী নেটৱৰ্কৰ সংগঠনসমূহে জাল কৰাটাে অসম্ভৱ হৈ পৰিব বুলি চোৰাংচােৱা সংস্থাই দাবী কৰিছে। এগৰাকী চৰকাৰী শীর্ষ বিষয়াই সদৰী কৰা মতে, চোৰাংচোৱা সংস্থা ৰ’, আই বি আৰু ডি আৰ আয়ে বিগত ছমাহ ধৰি ৰিজাৰ্ভ বেংকে ছপা কৰা নতুন নোটৰ আৰ্হিৰ সুৰক্ষাৰ পৰীক্ষণৰ অন্তত এই নোট দুখন পাকিস্তানে জাল কৰিব নোৱাৰিব বুলি নিশ্চিত হৈছে।
Home / চোৰাংচোৱাৰ দাবী
/ জাল কৰিব নোৱাৰিব পাকিস্তানে নতুন আৰ্হিৰ ৫০০ আৰু ২০০০ টকীয়া নােট :: চোৰাংচোৱাৰ দাবী
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment