প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ ৫০০ আৰু ১০০০ টকীয়া নােট প্রচলনৰ নিষিদ্ধৰ আঁৰত অবিশ্বাস্য যেন লাগিলেও জড়িত হৈ আছে এগৰাকী সাধাৰণ নাগৰিক। এক ঐতিহাসিক সিদ্ধান্তৰে দেশৰ অৰ্থনীতিত প্রচণ্ড আঘাত কৰা ক’লা ধন, জােলনোটক প্রতিহত কৰিবলৈ যি যুগান্তকাৰী ধাৰণা প্রধানমন্ত্রী মোদীয়ে কার্যকৰী কৰিলে,সেই ধাৰণাটাে প্রধানমন্ত্রীগৰাকীয়ে গ্রহণ কৰিছিল সাধাৰণ নাগৰিক এগৰাকীৰ পৰা। যিগৰাকীক হয়তো তেওঁ বাস কৰা অঞ্চলটােৰ কিছু নাগৰিকৰ বাদে দেশবাসীয়ে আজিলৈকে জনা নাই। ২০১৬ চনৰ জুলাই মাহত দেশত বৃদ্ধি পাই থকা ক’লা ধনৰ আতংক নির্মূল কৰিবলৈ ৫০০ আৰু ১০০০ টকীয়া নোট নিষিদ্ধ কৰাৰ আলোচনাত প্রধানমন্ত্রী মোদীৰ সৈতে অংশ লৈছিল ঔৰংগাবাদৰ অনিল বোকিল নামৰ চার্টার্ড একাউন্টেন্টগৰাকীয়ে। তথ্য মতে ক’লা ধন প্রতিহত আৰু জােলনোটৰ ব্যৱসায় ৰোধ কৰিবলৈ বৈপ্লৱিক ধাৰণা এটা লৈ অনিল বোকিলে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰে নির্ধাৰিত আঠ মিনিট সময় লৈ আলোচনাত মিলিত হয়। কিন্তু অনিল বোকিলৰ বৈপ্লৱিক ধাৰণাটােক প্রধানমন্ত্রী মোদীয়ে ইমানেই সাদৰেৰে গ্ৰহণ কৰিলে যে তেওঁৰ পৰা সমস্ত জ্ঞান আহৰণ কৰিবলৈ দুঘণ্টাতকৈও অধিক সময় আলোচনাত বহিবলৈ বাধ্য হয় প্রধানমন্ত্রী। সেই দুঘণ্টীয়া আলোচনাৰ পাছতেই প্রধানমন্ত্রী মোদীয়ে দেশৰ পৰা ক’লা ধন, জােলনোট আৰু দুনীতি ৰােধ কৰাৰ বাবে নতুন মুদ্রানীতিৰ ধাৰণাটাে গ্রহণ কৰে আৰু আজি দেশবাসীয়ে লাভ কৰিছে এক ঐতিহাসিক সিদ্ধান্তৰ ফল।উল্লেখ্য যে,ঔৰংগাবাদৰ অনিল বোকিলে তেওঁৰ কেইবাগৰাকীও সহযোগীৰ সৈতে ‘অর্থক্ৰান্তি’ নামৰ সংস্থা এটা খুলি ৫০০ আৰু ১০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰাৰ লগতে সকলো বৃহৎ পৰিমাণৰ বিভীয় লেনদেন চেক, ডিমাণ্ড ড্রাফট, অনলাইন আৰু ইলেক্ট্রনিক মাধ্যমেৰে কৰাৰ দাবী জনাই আহিছে। নগদ ধনৰ লেনদেনৰ সীমা নির্ধাৰিত কৰি এই নগদ ধন লেনদেনত কোনো কৰাৰ ব্যৱস্থা নৰখাৰ লগতে বেংকিং পদ্ধতিৰে এক বিন্দু কৰ ব্যৱস্থাৰে ৰাজহ সংগ্ৰহৰ দাবী জনাই আহিছে।
এগৰাকী সাধাৰণ নাগৰিক অনিল বোকিল::যাৰ পৰা লৈছিল মােদীয়ে ঐতিহাসিক সিদ্ধান্ত

0 comments:
Post a Comment