ৰাজ্যজুৰি আছুৰ হিন্দু বাংলাদেশী সংস্থাপনৰ বিৰুদ্ধে তীব্র প্রতিবাদ::উত্তাল সমগ্র ৰাজ্য


সদৌ অসম ছাত্র সস্থাই কেন্দ্রীয় চৰকাৰে হিন্দু বাংলাদেশীক সংস্থাপন দিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে কালি ৰাজ্যজুৰি তীব্র প্রতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্র সস্থাই। ছাত্র সস্থাৰ আহ্বানমৰ্মে ৰাজ্যৰ প্ৰতিখন জিলাতে গণসত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কেন্দ্রই খিলঞ্জীয়া মানুহৰ ভাষা-সংস্কৃতি নিঃশেষ কৰিবলৈ ষড়যন্ত্র কৰাৰ অভিযোগ উত্থাপন কৰি হাজাৰ হাজাৰ জনতাই ৰাজপথলৈ ওলাই আহি ধর্ণসমদলেৰে উত্তাল প্রতিবাদ সাব্যস্ত কৰে। সত্যাগ্রহীসকলে ‘দিল্লীৰ অন্যায় মানি লোৱা নহ’ব’, ‘হিন্দু-মুছলমানৰ নামত বিদেশীক ভাগ ভাগ কৰা নচলিব’, ‘কেন্দ্রীয় চৰকাৰ-অসম চৰকাৰ হায় হায়’, ‘অসম চুক্তি ৰূপায়ণ কৰক' আদি শ্লোগানেৰে ৰাজপথ কঁপাই তোলে। সদৌ অসম ছাত্র সস্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্যই কয় যে দিল্লীৰ অবিচাৰ-অন্যায় উদঙাই অবৈধ বাংলাদেশীৰ কবলৰ পৰা অসমীয়া জাতিক ৰক্ষা কৰিবলৈ ছাত্র সন্থাই সমগ্ৰ ৰাজ্যজুৰি সত্যাগ্ৰহৰ কাৰ্যসূচী গ্রহণ কৰিছে। খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব ৰক্ষাৰ ক্ষেত্ৰত কোনাে আপোচ কৰা নহ’ব বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে কোনো কাৰণত, কোনো পৰিস্থিতিতে ১৯৭১ চনৰ পাছত অহা অবৈধ বাংলাদেশীৰ বোজা অসমৰ দৰে সৰু ৰাজ্য এখনে গ্ৰহণ নকৰে। অবৈধ বিদেশী প্ৰব্ৰজনে ইতিমধ্যে অসমৰ খিলঞ্জীয়া মানুহৰ পৰিয়াললৈ প্রচণ্ড ভাবুকি মাতি আনিছে। দেশৰ উচ্চতম ন্যায়ালয়ে অবৈধ বাংলাদেশীৰ প্ৰব্ৰজনে অসমত বহিঃআগ্রাসন সৃষ্টি কৰা বুলি মত প্রকাশ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে অবৈধ বাংলাদেশী অসমত কিং মেকাৰ হােৱা বুলি মত প্রকাশ কৰিছে। তাৰ পাছত অসমে ১৯৭১ চনৰ পাছৰ অবৈধ বাংলাদেশীৰ বোজা লোৱাৰ প্ৰশ্নই নুঠে। বৰঞ্চ অসম চুক্তিৰ আধাৰত অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষাকৱচ প্রদান কৰক।
Share on Google Plus

About Unknown

0 comments:

Post a Comment