প্রধান মন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৮ নৱেম্বৰৰ দিনা হঠাতে পাঁচ শ আৰু এক হাজাৰ টকীয়া নোট বন্ধ কৰা বুলি ঘোষণা কৰাৰ লগে লগে দেশজুৰি তোলপাৰ লাগিছিল। কিন্তু আঠ নৱেম্বৰত চৰকাৰে এই ঐতিহাসিক ঘোষণা কৰাৰ পূর্বে দেশৰ একাংশ কোটিপতি বা ক’লাধনৰ গৰাকীয়ে পাঁচশ আৰু এহাজাৰ টকীয়া নোট যে আচল হৈ পৰিব সেই কথা জানিছিল নেকি? শেহতীয়াকৈ সচেতন মহলক এই প্রশ্নই ব্যতিব্যস্ত কৰি তুলিছে। কাৰণ উত্তৰ প্ৰদেশৰ এখন সর্বাধিক প্রচলিত হিন্দী দৈনিক বাতৰি কাকত ‘উত্তৰ প্রদেশ জাগৰণৰ ২৭ অক্টোবৰৰ সংখ্যাত এটা বাতৰি প্রকাশ পাইছিল। কানপুৰৰ পৰা প্রেৰিত বাতৰিটােৰ শিৰোনাম ‘অৱ আয়েগা দো হাজাৰ কা নোট!” বাতৰিটোত কোৱা হৈছে যে ক’লাধন বাহিৰ কৰিবলৈ কেন্দ্রীয় চৰকাৰে পদক্ষেপ হাতত লৈছে। বেংকসমূহে পাঁচশ আৰু এহাজাৰ টকীয়া নোট ঘূৰাই ল’ব। নতুন দুহাজাৰ টকীয়া নোট মুকলি কৰাৰ লগতে দহ হাজাৰ টকীয়া নো ট নতুনকৈ মুকলি কৰিব বুলিও বাতৰিটােত প্রকাশ। এতিয়া প্রশ্ন উঠিছে চৰকাৰে আনুষ্ঠানিক ঘোষণা কৰাৰ প্ৰায় তেৰ দিন পূর্বে বাতৰি লিখিব পৰাকৈ অতি গুৰুত্বপূর্ণ তথ্য এটা কেনেদৰে ফাদিল হ’ল। দেশৰ অৰ্থনীতিৰ লগতে নিৰাপত্তাৰ লগত জড়িত এই তথ্য ফাদিলৰ উৎস কি ? নে উত্তৰ প্ৰদেশৰ ক’লাধনৰ গৰাকীয়ে আঠ নৱেম্বৰৰ ঘোষণাৰ পূর্বেই কথাতো গম পাইছিল। এনেবোৰ প্রশ্নই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Home / উত্তৰ প্ৰদেশৰ বাতৰি
/ ২৭ অক্টোবৰতে উত্তৰ প্ৰদেশৰ বাতৰিত প্রকাশ:: পাঁচশ আৰু এহাজাৰ টকীয়া নোট সলনি হোৱাৰ খবৰ
Subscribe to:
Post Comments
(
Atom
)

0 comments:
Post a Comment