অসম গণ পৰিষদ দলৰ ত্রিবার্ষিক সাধাৰণ পৰিষদৰ অধিবেশন ২৭ নৱেম্বৰত আমবাৰীস্থিত মুখ্য কার্যালয়ত অনুষ্ঠিত হ’ব। অধিবেক্শনৰ দিন চমু চাপি অহাৰ লগে লগে দলটোত ব্যাপক সভাপতি কেন্দ্ৰিক লবী ৰাজনীতি আৰম্ভ হৈছে। এই অধিৱেশনত দলৰ কেন্দ্রীয় সমিতিৰ সকলো বিষয়ববীয়াৰ লগতে ৫২খন জিলা সমিতিৰ সভাপতি-সম্পাদকসকল তথা প্ৰতিটাে বিধানসভা সমষ্টিৰ পৰা মনোনীত সাধাৰণ পৰিষদৰ সদস্যসকলে অংশগ্রহণ কৰিব।এই সাধাৰণ পৰিষদৰ বৈঠকৰ সিদ্ধান্তমমেই দলৰ কেন্দ্রীয় সমিতিৰ পৰৱতী সভাপতি তথা কার্যকৰী সভাপতি চূড়ান্ত কৰা হ’ব। অগপৰ এক সূত্ৰই জনোৱা মতে ২৭ নৱেম্বৰৰ সাধাৰণ পৰিষদৰ ত্রিবার্ষিক অধিৱেশনৰ পূর্বেই অগপৰ নেতৃত্বই জিলা সমিতিসমূহৰ পুনৰ গঠনত গুৰুত্ব দিছে। প্রায় ২৫খন জিলা সমিতিৰ সভাপতি-সম্পাদকৰ সালসলনি প্রক্রিয়া ইতিমধ্যে সম্পূৰ্ণ হৈছে। ২০-২১ নৱেম্বৰৰ ভিতৰত বাকী থকা আন জিলা সমিতিসমূহৰ সভাপতি-সম্পাদকসকলৰ সালসলনি প্রক্রিয়া সম্পূর্ণ হ’ব। অগপৰ বৰ্তমানৰ সভাপতি তথা কৃষিমন্ত্রী অতুল বৰা আৰু সম্পাদক তথা সমষ্টিভিত্তিক সাধাৰণ পৰিষদৰ সদস্যসকলক প্রভাৱান্বিত কৰি পুনৰ পদ দখলৰ কুচকাৱাজ অব্যাহত ৰাখিছে। অগপৰ সংবিধান অনুসৰি মন্ত্রীৰ পদত থাকিলেও একেলগে সভাপতিৰ পদ দখলত বাধা নাই বুলি ইতিমধ্যে সভাপতি অতুল বৰাই মন্তব্য কৰিছে। দলৰ নেতৃত্বৰ পৰা আঁতৰিলে মন্ত্রী পদ হেৰুৱাবলগীয়া হয় বুলি আশংকা কৰিয়েই অতুল বৰা আৰু কেশৱ মহন্তই যিকোনো প্ৰকাৰে দলৰ নেতৃত্ব হাতত ৰখাটাে বিচাৰিছে বুলি সূত্ৰটােৱে সদৰী কৰিছে। ইফালে, দলটােৰ একাংশই পুনৰ প্রতিষ্ঠাপক সভাপতি তথা প্রাক্তন মুখ্য মন্ত্রী প্রফুল্ল কুমাৰ মহন্তক পুনৰ সভাপতি পদত বহুৱাবলৈও তীব্র তৎপৰতা অব্যাহত ৰাখিছে। অগপৰ মহন্তপন্থী বুলি পৰিচিত সংশ্লিষ্ট নেতাসকলে ইতিমধ্যে “মহন্ত আনো, দল বচাও’ অভিযান আৰম্ভ কৰিছে। অগপৰ একাংশ জিলা সমিতিয়েও মহন্তক পুনৰ ওভোতাই অনাৰ পক্ষত দৃঢ় মত পোষণ কৰিছে বুলি মহন্তপন্থী নেতাসকলে দাবী কৰিছে। ইফালে, দলৰ আন একাংশই অতুল বৰা, কেশৱ মহন্ত বা প্রফুল্ল কুমাৰ মহন্তৰ বিপৰীতে আন এজন মধ্যমপন্থী নেতাক সভাপতি পদত বহুওৱাৰ চিন্তা-চৰ্চা কৰিছে। এইসকল নেতাৰ ভিতৰত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ডাঃ কমলা কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, পবীন্দ্ৰ ডেকা আদিৰ নাম বিশেষভাৱে চর্চা হােৱা বুলি সূত্ৰটােৱে দাবী কৰিছে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment